নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰলয়ংকৰী বান : নাজিৰাত ৫০ৰ বানকো পেলালে চেৰ

বিগত কেইবাদিন ধৰি নগাপাহাৰত হোৱা মূষলধাৰ বৰষুণৰ ফলত দিখৌৰ বানে প্ৰলয়ংকৰী ৰূপ ধাৰণ কৰাৰ লগতে নাজিৰা সম জিলাৰ অন্তৰ্গত সীমান্তবৰ্তী গেলেকীতো কেইবাখনো নদীৰ বাঢ়নী পানীয়ে সাগৰ সদৃশ পৰিবেশৰ সৃষ্টি কৰিছে।

গেলেকী অঞ্চলৰ নামদাং, ডেনচী, দৈখনা আৰু বৰনৈ বাঢ়নী পানীয়ে সমগ্ৰ গেলেকী অঞ্চলৰ প্ৰায় কুৰি খনৰো অধিক গাঁৱৰ কেইবাশ পৰিয়ালৰ বাসগৃহ পানীৰ তলত ডুব যায়। নদীকেইনৰ বানে কৃষি প্ৰধান অঞ্চলটোৰ হাজাৰ হাজাৰ বিঘা কৃষি ভূমি নষ্ট কৰে।

নদী কেইখনৰ বানে শিঙিবিল, লাহন গাঁও, মৰাণ গাঁও, ওখটিং, বৰহোলা, সোণাপুৰ, চৰাইসজীয়া, আঠখেল, দেওপানী, গেলেকী চাৰিআলি, ন-আলি, ৰঙা গঢ়া, দোলাকাষৰীয়া, কলগাঁও, হাতীপটি, বাৰুতীয়া আদিকে ধৰি প্ৰায় কুৰিখনৰো অধিক গাঁৱৰ কেইবাশ পৰিয়াল বানৰ কৱলত সৰ্বস্বান্ত হ’ব লগা হৈছে।

এতিয়া সাগৰ সদৃশ পৰিবেশত সকলো ফালে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। ইফালে দিখৌৰ বানে নাজিৰা মহকুমাৰ বিভিন্ন অঞ্চলৰ লগতে মহকুমাটোত ওখ ঠাইৰূপে পৰিচিত নাজিৰা নগৰত সৃষ্টি কৰিলে অকল্পনীয় অৱস্থাৰ।

৫০ৰ দশকত হোৱা দিখৌৰ বানকো চেৰ পেলাই আজি পুৱতিনিশা নগৰবাসীক হতবাক কৰি নগৰখন দিখৌৰ বলীয়া বানে এক প্ৰকাৰ ধুই পেলায়। দিনৰ ভাগত দিখৌৰ বাঢ়নী পানীয়ে মহকুমাটোৰ বিভিন্ন অঞ্চল বুৰাই পেলায় যদিও নগৰবাসীৰ প্ৰতিটো পৰিয়ালৰ এপদো সম্পদ নিৰাপদ স্থানলৈ হস্তান্তৰ কৰাৰ পূৰ্বেই দিখৌ বাঢ়নী পানীয়ে নাজিৰা পূজা ঘাট, গুৰুকুল বিদ্যালয়ৰ সমীপত, সুন্দৰ পুখুৰী,নাজিৰা শ্মশান ঘাট আদি অঞ্চলত মাথাউৰি ওপৰেদি পানী বাগৰি মূহুৰ্তৰ ভিতৰতে নগৰখনত সাগৰ সদৃশ পৰিবেশৰ সৃষ্টি কৰে।

নগৰখনৰ হাজাৰ হাজাৰ পৰিয়াল বাসগৃহ বানত ডুব যোৱাত নগৰবাসীৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। বাতৰি যুগুত কৰালৈকে পানী কমা নাই যাৰ বাবে নগৰবাসীয়ে ত্ৰাহীমধূসূদন সুঁৱৰিব লগা হৈছে।

নিয়মীয়া বাৰ্তা, গেলেকী, ২০ জুলাই

You might also like