Assam Flood : অসমত ভয়াৱহ বান পৰিস্থিতিৰ ফলত ৰে’ল সেৱাত ব্যাপক প্ৰভাৱ পৰিছে। বানৰ বাবে একাধিক যাত্ৰীবাহী ৰে’ল বাতিল কৰাৰ লগতে কেইবাখনো দূৰণিবটীয়া ৰে’লৰ পথ সলনি কৰা হৈছে।
উত্তৰ-পূব সীমান্ত ৰে’লৱে (NFR)-ৰ তথ্য অনুসৰি, গুৱাহাটী-লিডু ইণ্টাৰচিটি এক্সপ্ৰেছ, যোৰহাট-তিনিচুকীয়া পেচেঞ্জাৰ ৰে’ল, লামডিং-তিনিচুকীয়া ৰুটৰ ৰে’ল আৰু শিমলুগুৰি-ডিব্ৰুগড় পেচেঞ্জাৰ ৰে’লৰ চলাচল বাতিল কৰা হৈছে।
আনহাতে, বান পৰিস্থিতিৰ বাবে ৰাজধানী এক্সপ্ৰেছ আৰু বিবেক এক্সপ্ৰেছৰ পথ সলনি কৰা হৈছে। এই দুয়োখন ৰে’ল এতিয়া ডিব্ৰুগড়ৰ পৰা বগীবিল হৈ লখিমপুৰ হৈ চলাচল কৰিব।
শিমলুগুৰি অঞ্চলত বানৰ পৰিস্থিতিৰ অৱনতি ঘটাৰ ফলত দূৰণিবটীয়া ৰে’লসমূহৰ চলাচলত ব্যাঘাত জন্মিছে। যাত্ৰীসকলৰ অসুবিধা হ্ৰাস কৰিবলৈ উত্তৰ-পূব সীমান্ত ৰে’লৱেই কেইবাটাও বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।
ৰে’ল কৰ্তৃপক্ষই জনোৱা অনুসৰি, পথ সলনি হোৱা ৰে’লসমূহৰ যাত্ৰীসকলৰ বাবে বিভিন্ন ষ্টেচনত খাদ্যৰ পেকেট, খোৱাপানী আৰু টিকট বাতিলৰ ক্ষেত্ৰত ধন ঘূৰাই দিয়াৰ ব্যৱস্থা কৰা হৈছে। লগতে যাত্ৰীসকলক সহায় কৰিবলৈ সংশ্লিষ্ট ষ্টেচনসমূহত বিশেষ হেল্প ডেস্ক স্থাপন কৰা হৈছে।
ইয়াৰ উপৰি নামতি আলি ষ্টেচনৰ পৰা শিৱসাগৰ টাউন ষ্টেচনলৈ যাত্ৰীসকলক লৈ যাবলৈ অসম ৰাজ্যিক পৰিবহণ নিগম (ASTC)-ৰ বাছ আৰু স্থানীয় বাহনৰ ব্যৱস্থা কৰা হৈছে। শিৱসাগৰ টাউন ষ্টেচনৰ পৰা ডিব্ৰুগড় আৰু নিউ তিনিচুকীয়াগামী যাত্ৰীসকলৰ বাবে এখন বিশেষ ৰে’ল চলোৱাৰ পৰিকল্পনাও কৰা হৈছে।
ৰে’ল বিভাগৰ সূত্ৰ অনুসৰি, ২২৫০৩ বিবেক এক্সপ্ৰেছৰ পৰা চেলেংহাট ষ্টেচনত নামি অহা ২১৭গৰাকী যাত্ৰীক পথ পথেৰে মৰিয়নিলৈ লৈ যোৱা হৈছে।
ইয়াৰ লগতে ১৫৯৫৯ কামৰূপ এক্সপ্ৰেছৰ পৰা মৰিয়নিত নামি অহা ৫৭০গৰাকী যাত্ৰী, ১৫৯৩৪ অমৃতসৰ-তিনিচুকীয়া এক্সপ্ৰেছৰ পৰা নামি অহা ৪৯০গৰাকী যাত্ৰীকো প্ৰয়োজনীয় সহায় আগবঢ়োৱা হৈছে।
বান পৰিস্থিতিৰ মাজতো যাত্ৰীসকলক সুৰক্ষিতভাৱে গন্তব্য স্থানত উপস্থিত কৰোৱা আৰু প্ৰয়োজনীয় সেৱা নিশ্চিত কৰিবলৈ উত্তৰ-পূব সীমান্ত ৰে’লৱেই পৰিস্থিতিৰ ওপৰত নিয়মিত নজৰ ৰাখিছে।
ডিজিটেল ডেস্ক, ২০ জুলাই