লখিমপুৰত ছোনম ৱাংচুকৰ সমৰ্থনত একক প্ৰতিবাদ সাব্যস্ত কৰি থকা এগৰাকী যুৱতীক আৰক্ষীয়ে আটক কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
জানিব পৰা মতে, যুৱতীগৰাকীয়ে খেলমাটিত থকা জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ তলত কালিৰ পৰা অকলে বহি শান্তিপূৰ্ণভাৱে প্ৰতিবাদ সাব্যস্ত কৰি আছিল।
সোমবাৰে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ যুৱতীগৰাকীক আটক কৰি আৰক্ষীৰ বাহনত উঠাই লৈ যায়। এই সময়ত যুৱতীগৰাকীক সহায় কৰিবলৈ আগবাঢ়ি অহা তেওঁৰ ভাতৃ আৰু এগৰাকী সহপাঠীকো আৰক্ষীয়ে গাড়ীত উঠাই লৈ যায়।
ঘটনাৰ পিছত অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অৱশ্যে আৰক্ষীয়ে তেওঁলোকক কোন অভিযোগত আটক কৰিছে বা পিছত মুকলি দিয়া হৈছে নে নাই, সেই বিষয়ে তাৎক্ষণিকভাৱে কোনো আনুষ্ঠানিক তথ্য প্ৰকাশ কৰা হোৱা নাই।
ঘটনাক কেন্দ্ৰ কৰি অধিক তথ্যৰ বাবে অপেক্ষা কৰা হৈছে।
ডিজিটেল ডেস্ক, ২০ জুলাই