ৰঙিয়াৰ ভাৰতীয় ষ্টেট বেংকৰ ATMত চুৰিকাণ্ড
- ৰঙিয়াত SBI ATMত সংঘটিত হৈছে চুৰিৰ ঘটনা।
- ঘটনাটো সংঘটিত হৈছে ৰঙিয়াৰ ভূটান বাছ আস্থানৰ সমীপত থকা SBI ATMত।
- চোৰে ATMৰ ভিতৰত থকা CCTV কেমেৰাত বোকা-মাটি লেপি চুৰিকাণ্ড সংঘটিত কৰে।
- ATMৰ মনিটৰ ভাঙি চূৰ্ণ-বিচূৰ্ণ কৰি পেলায়।
- নিশাৰ ভাগত সংঘটিত হয় এই চুৰিকাণ্ড।
- ATMৰ পৰা নগদ ধন লুট কৰিব পাৰিলে নে নোৱাৰিলে সেয়া এতিয়াও নিশ্চিত হোৱা নাই।
- ঘটনাৰ খবৰ পাই তদন্তৰ বাবে ঘটনাস্থলীত উপস্থিত হৈছে ৰঙিয়া আৰক্ষী।
- চোৰে হেলমেট পৰিধান কৰি ATMত প্ৰৱেশ কৰিছিল।
- চোৰৰ হাতত এডাল লাঠী আছিল।
- ATMৰ ভিতৰত থকা আন CCTV কেমেৰা লাঠীৰে বেঁকা কৰি বিকল কৰাৰ চেষ্টা।
- আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।
ডিজিটেল ডেস্ক, ২১ জুলাই