নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চামগুৰি-ৰূপহীহাটত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতাৰ চেক বিতৰণ মন্ত্ৰী পীয়ূষ হাজৰিকাৰ

চামগুৰি আৰু ৰূপহীহাট সমষ্টিৰ মহিলাসকলে লাভ কৰিলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক। নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হোৱা চামগুৰি সমষ্টিৰ বাজিয়াগাঁও আৰু ৰূপহীহাট সমষ্টিৰ জুৰীয়াত অনুষ্ঠিত সভাত উপস্থিত হৈ মন্ত্ৰী পীয়ূষ হাজৰিকাই মহিলাসকলক প্ৰদান কৰে চেক।

ৰূপহীহাট সমষ্টিৰ ১৯,৪৮০ আৰু চামগুৰি সমষ্টিৰ ২৬,৬৫৮গৰাকী মহিলাক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ ১০,০০০ টকাৰ চেক প্ৰদান কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই। তেওঁ উল্লেখ কৰে যে মুখ‍্যমন্ত্ৰী মহিলা উদ‍্যমিতা অভিযান, নিযুত মইনা আৰু অৰুণোদয়ৰ দৰে আঁচনিয়ে মহিলাসকলৰ বাবে সমাজত এক মৰ্যাদাপূৰ্ণ জীৱন নিশ্চিত কৰিছে।

আনহাতে, সভাত সকলো মহিলা হিতাধিকাৰীক এই আৰ্থিক সাহায্য নিজৰ ব্যৱসায় গঢ়ি তোলাৰ বাবে সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ আহ্বান জনায় মন্ত্ৰী হাজৰিকাই।

নিয়মীয়া বাৰ্তা, ৰূপহীহাট, ২১ জুলাই :

You might also like