নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চেঙাৰ বামুণদংৰাত গৰুভৰ্তি নাও হাইজেকৰ চেষ্টা ডকাইতৰ দলৰ

ডিজিটেল ডেস্ক, ২৩ জুলাই : বৰপেটা জিলাৰ মন্দিয়া আৰক্ষী চকীৰ অধীনস্থ বামুণ দংৰাত ব্ৰহ্মপুত্ৰৰ বুকুৰ মাজত এক ডকাইতি কাণ্ড ঘটনা পোহৰলৈ আহিছে ।

জানিব পৰা মতে, ব্ৰহ্মপুত্ৰ নদীৰ মাজৰ পৰা ৭/৮ জনীয়া এটি ডকাইতৰ দলে গৰুভৰ্তি এখন যন্ত্ৰচালিত ভূটভূটী নাও আন এখন নাৱেৰে ডকাইতৰ দলে আগচি ধৰে। নাওখন আগচি ধৰি গৰু বেপাৰী- নাৱৰীয়াক ভয় দেখুৱাই দাবী কৰে বৃহৎ পৰিমাণৰ ধন । নদীৰ বুকুত সংঘটিত এই চাঞ্চল্যকৰ ঘটনাৰ খবৰ পাই বামুণ দংৰাৰ পঞ্চায়ত প্ৰতিনিধি, গাঁওৰক্ষী বাহিনী আৰু স্থানীয় ৰাইজে ঘটনাস্থলীত উপস্থিত হোৱাত তেওঁলোককো মাৰধৰ কৰাৰ ভাবুকি দিয়ে ডকাইতৰ দলটোৱে।

অৱশ্যে পৰৱৰ্তী সময়ত আৰক্ষীয়ে বামুণ দংৰাত উপস্থিত হৈ ঘটনাৰ লগত জড়িত থকা আৰু ধন ল’বলৈ অহাৰ অভিযোগত মৌৰী গাঁৱৰ ছাইফুল ইছলাম (৩৭) নামৰ এজন লোকক আটক কৰি মন্দিয়া আৰক্ষী চকীলৈ লৈ যায়।

ইপিনে, দলটোৱে ফোনযোগে গৰু বেপাৰীৰ পৰা ২ লাখ টকা ধনদাবী কৰিছিল বুলি ৰাইজে জানিবলৈ দিয়ে। সেয়ে এতিয়া ৰাইজে এই সমগ্ৰ ঘটনাৰ লগত জড়িত ব্যক্তিসকলক কৰায়ত্ত কৰিবলৈ দাবী উত্থাপন কৰিছে । এই ঘটনাত বামুণ দংৰাত তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে ।

You might also like