নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাত বাঘেশ্বৰী মন্দিৰৰ মূৰ্তি চুৰিৰ চেষ্টা, এজনক আটক

কামৰূপৰ নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত পাহাৰপাৰাস্থিত বাঘেশ্বৰী মন্দিৰৰ পৰা শিলৰ মূৰ্তি চুৰিৰ অপচেষ্টা সম্পৰ্কে বিশ্বাসযোগ্য তথ্য লাভ কৰি নগৰবেৰা আৰক্ষীয়ে এক অভিযান চলায় |

অ’চি হৰজিৎ দাসৰ নেতৃত্বত যোৱা আৰক্ষীৰ দল এটাই ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত বৰপেটা জিলাৰ কাছুমাৰা আৰক্ষী থানাৰ অন্তৰ্গত হলঙ্গাপাৰা গাঁৱৰ নুৰ নৱীৰ পুত্ৰ সুৰজ জামাল নামৰ অভিযুক্তক আটক কৰে |

আৰক্ষীয়ে তালাচী চলাই বাঘেশ্বৰী দেৱীৰ শিলামূৰ্তি এটা উদ্ধাৰ কৰিবলৈ সক্ষম হয় | পিছত অভিযুক্তক নগৰবেৰা থানালৈ নিয়া হয় | মন্দিৰৰ শিলামূৰ্তি চুৰিৰ খবৰে অঞ্চলজুৰি চাঞ্চল্য বিয়পায়।

নিয়মীয়া বাৰ্তা, নগৰবেৰা, ২৫ জুলাই :

You might also like