নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৃহত্তৰ আমৰাংগা-বৰিহাট শাখা ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠান

নিয়মীয়া বাৰ্তা, পলাশবাৰী, ২৬ জুলাই : দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ অন্তৰ্গত আমৰাংগা বৰিহাট শাখা ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠান শনিবাৰে ত্ৰিধাৰা আঞ্চলিক কলা সংঘ প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়।

এই উপলক্ষে পুৱা ১০ বজাত সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে বৃহত্তৰ আমৰাংগা-বৰিহাট শাখা ছাত্ৰ সন্থাৰ সভাপতি হৃষিকেশ দাসে, ১০.১৫ বজাত শ্বহীদ তৰ্পণ কৰে শাখাৰ সাধাৰণ সম্পাদক বিকাশ শৰ্মাই। দুপৰীয়া বিশেষ অভিনন্দন অনুষ্ঠানটি উদ্বোধন কৰে দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ সভাপতি বেদব্ৰত দাসে।

দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ সভাপতি বেদব্ৰতে দাসে ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাৰ লগতে সামাজিকভাৱে কাম কৰি যাবলৈ আহ্বান জনায়। তেওঁ দক্ষিণ কামৰূপৰ বিভিন্ন জ্বলন্ত সমস্যাৰ বিষয়ত ভাষণ প্ৰদান কৰে।

এই অনুষ্ঠানত ২০২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা অঞ্চলটোৰ ৬৭গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক মানপত্ৰ, কিতাপ আৰু ফুলাম গামোচাৰে অভিনন্দন জনোৱা হয়। এই অনুষ্ঠানত পি এম শ্ৰী আঞ্চলিক ফুলগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভাস্কৰজ্যোতি দাস, তাতিবামা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰঞ্জিত দাস, শিকাৰহাটী আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হেমন্ত কলিতা, আমৰাংগা-বৰিহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ গগণ কলিতা, ভাস্কৰ্যশিল্পী বিজু কুমাৰ দাস, দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক চন্দন কলিতা, বৃহত্তৰ আমৰাংগা-বৰিহাট শাখা ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰাণজিৎ দাস, ৰাহুল আলীকে প্ৰমুখ্য কৰি বিষয়ববীয়াসকল উপস্থিত থাকে।

You might also like