নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিবাং নদীবান্ধে পানী এৰিলেই ছাৰখাৰ হ’ব উজনি…

অৰুণাচল প্রদেশৰ ল’ৱাৰ দিবাং ভেলী জিলাত নির্মীয়মাণ ২,৮৮০ মেগাৱাট ক্ষমতাসম্পন্ন দিবাং বহুমুখী প্রকল্পক কেন্দ্র কৰি উজনি অসমৰ তিনিচুকীয়া আৰু ডিব্রুগড় জিলাত উদ্বেগ বৃদ্ধি পাইছে৷ দেশৰ সর্ববৃহৎ জলবিদ্যুৎ প্রকল্প হিচাপে বিবেচিত এই নদীবান্ধে ভৱিষ্যতে বান নিয়ন্ত্রণৰ পৰিৱর্তে নামনি অঞ্চলত অধিক বিপদ কঢ়িয়াই আনিব পাৰে বুলি বিভিন্ন মহলত আশংকা প্রকাশ কৰা হৈছে৷

সম্প্রতি শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত সংঘটিত ভয়াৱহ বান পৰিস্থিতিৰ পাছতে দিবাং নদীবান্ধৰ সম্ভাব্য প্রভাৱক লৈ পুনৰ শংকিত হৈ উঠিছে৷ বিশেষজ্ঞৰ মতে, ভৱিষ্যতে জলাধাৰত অতিৰিক্ত পানী জমা হ’লে যদি বৃহৎ পৰিমাণে পানী মুকলি কৰিবলগীয়া হয়, তেন্তে শদিয়াকে ধৰি তিনিচুকীয়া আৰু ডিব্রুগড় জিলাৰ বিস্তীর্ণ অঞ্চল ভয়ংকৰ বানৰ কবলত পৰাৰ আশংকা উলাই কৰিব নোৱাৰি৷

কেন্দ্রীয় কেবিনেটে ইতিমধ্যে ২৭৮ মিটাৰ উচ্চতাৰ এই বৃহৎ নদীবান্ধৰ বাবে অনুমোদন জনোৱাৰ লগতে প্রাৰম্ভিক পর্যায়ত প্রায় ১,৬০০ কোটি টকাৰ ধন আবণ্টন দিছে৷ প্রকল্পটোৰ কাম যুদ্ধকালীন গতিত আগবাঢ়ি থকাৰ সময়তে পৰিৱেশ, ভূতত্ত্ব আৰু নিৰাপত্তাজনিত বিষয়সমূহক লৈ পুনৰ প্রশ্ণ উত্থাপন হৈছে৷

জানিব পৰা মতে, অতীতত বিভিন্ন বিশেষজ্ঞ সমিতি আৰু পৰিৱেশ মূল্যায়ন প্রতিবেদনত প্রকল্পস্থলীৰ ভূতাত্ত্বিক অৱস্থা সংবেদনশীল বুলি উল্লেখ কৰা হৈছিল৷ বনভূমি ধ্বংস, বৃহৎ পৰিমাণৰ গছ কটা, শিল আৰু বালিৰ ব্যাপক ক্ষয়–ক্ষতিৰ লগতে জৈৱ–বৈচিত্র্যৰ ওপৰত নেতিবাচক প্রভাৱৰ কথাও উত্থাপন হৈছিল৷

প্রথম পর্যায়ত বিশেষজ্ঞ সমিতিয়ে অনুমোদন নিদিলেও পিছলৈ সংশোধিত প্রস্তাৱৰ ভিত্তিত প্রকল্পটোৱে অনুমতি লাভ কৰা বিষয়টোক লৈও বিতর্ক অব্যাহত আছে৷ বিশেষজ্ঞসকলৰ একাংশৰ মতে, বৃহৎ নদীবান্ধে সকলো সময়তে বান নিয়ন্ত্রণ কৰিব পাৰে বুলি ধৰি ল’ব নোৱাৰি৷ বাৰিষাৰ সময়ত জলাধাৰত গেদ, বালি আৰু অতিমাত্রা পানী জমা হ’লে নিৰাপত্তাৰ স্বার্থত বান্ধৰ গেট মুকলি কৰিবলগীয়া হ’ব পাৰে৷ এনে পৰিস্থিতিত নামনি অঞ্চলত হঠাতে পানীৰ চাপ বৃদ্ধি হৈ ভয়ংকৰ বানৰ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে৷

সম্প্রতি যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউ জিলাত সংঘটিত বানৰ প্রসংগ উল্লেখ কৰি স্থানীয় সচেতন মহলৰ একাংশই দিখৌ নৈৰ ওপৰত থকা জলবিদ্যুৎ প্রকল্পৰ পৰা পানী এৰি দিয়াৰ বিষয়টোও আলোচনালৈ আনিছে৷ যদিও এই দাবীসমূহৰ চৰকাৰী বা বৈজ্ঞানিক নিশ্চিতকৰণ হোৱা নাই, তথাপি দিবাঙৰ দৰে বৃহৎ জলাধাৰে ভৱিষ্যতে কিধৰণৰ প্রভাৱ পেলাব পাৰে তাক লৈ উদ্বেগ বৃদ্ধি পাইছে৷ কিন্তু ইমান বৃহৎ আৰু সম্ভাব্য সুদূৰপ্রসাৰী প্রভাৱ পেলাব পৰা প্রকল্পক লৈ অসমৰ শাসক–বিৰোধী ৰাজনৈতিক দল, ছাত্র–যুৱ সংগঠন আৰু আঞ্চলিক সংগঠনসমূহৰ ৰহস্যজনক নীৰৱতাই ৰাইজৰ মাজত তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷

অসমৰ স্বার্থৰ সৈতে জড়িত ইমান গুৰুত্বপূর্ণ বিষয়ত ৰাজ্য চৰকাৰৰ নীৰৱ ভূমিকাও সমালোচনাৰ সন্মুখীন হৈছে৷ সীমান্তৱর্তী জিলাসমূহৰ সম্ভাব্য বিপদ, দুর্যোগ ব্যৱস্থাপনা বা আন্তঃৰাজ্যিক সমন্বয়ৰ ক্ষেত্রত ৰাজ্য চৰকাৰে এতিয়ালৈকে দৃশ্যমানভাৱে কঠোৰ স্থিতি গ্রহণ নকৰা বুলি সচেতন মহলে অভিযোগ কৰিছে৷ আনহাতে, বছৰ বছৰ ধৰি অসমৰ অধিকাৰ, ভূমি আৰু প্রাকৃতিক সম্পদৰ সুৰক্ষাৰ দাবী উত্থাপন কৰা বিভিন্ন ৰাজনৈতিক দল, ছাত্র সংগঠন, কৃষক সংগঠন আৰু আঞ্চলিক মঞ্চসমূহেও এই বিষয়ত কোনো শক্তিশালী জন–আন্দোলন গঢ়ি নোতোলাত বহুতে ‘ৰহস্যজনক নীৰৱতা’ বুলি অভিহিত কৰিছে৷ ৰাইজৰ মাজত প্রশ্ণ উত্থাপন হৈছে– অসমৰ লাখ লাখ মানুহৰ জীৱন–জীৱিকা আৰু ভৱিষ্যৎ জড়িত এনে বিষয়ত এই নীৰৱতাৰ কাৰণ কি? সচেতন মহলৰ মতে, যদি আজিয়েই দিবাং নদীবান্ধৰ সম্ভাব্য প্রভাৱ সম্পর্কে বৈজ্ঞানিক মূল্যায়ন, স্বচ্ছ তথ্য প্রকাশ আৰু অসমৰ সুৰক্ষাৰ বাবে নির্দিষ্ট ব্যৱস্থা গ্রহণ কৰা নহয়, তেন্তে ভৱিষ্যতে সংঘটিত হ’ব পৰা যিকোনো দুর্যোগৰ নৈতিক দায় এৰাই যাব৷

নিয়মীয়া বার্তা, ছৈখোৱা, ২৭ জুলাই :

You might also like