নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আগমনিত ম’হভৰ্তি তিনিখনকৈ বাহনসহ এঘাৰজন সৰবৰাহকাৰীক আটক

ডিজিটেল ডেস্ক, আগমনি, ২৭ জুলাই : ধুবুৰী জিলাৰ আগমনিত পুৱতি নিশা আৰক্ষীয়ে এক অভিযান চলায়। গোপন খবৰৰ ভিত্তিত পুৱতি নিশা আগমনি আৰক্ষীয়ে থানাৰ সন্মুখত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত তালাচী চলায়।

আৰক্ষীয়ে চলোৱা তালাচীত তিনিখনকৈ ম’হভৰ্তি বাহনৰ লগতে ৮টাকৈ ম’হ জব্দ কৰিবলৈ সক্ষম হয়। ইয়াৰে তিনিটা ম’হ মৃত অৱস্থাত উদ্ধাৰ কৰে আৰক্ষীয়ে।

জানিব পৰা মতে, পশ্চিমবংগৰ ময়নাগুৰিৰ পৰা ধুবুৰী অভিমুখে যোৱাৰ পথত আগমনি আৰক্ষীয়ে বাহন তিনিখন জব্দ কৰাৰ লগতে এঘাৰজনকৈ সৰবৰাহকাৰী আটক কৰে। ধৃত সৰবৰাহকাৰীকেইজন সাপৰগ্ৰামৰ নুৰ মমিন শ্বেখ, গৌৰীপুৰৰ নুৰজামাল শ্বেখ, মাজেৰচৰৰ ছামাদ আলী, মধু শৈলমাৰীৰ আয়জাৰ আলী আৰু ছফিকুল আলী, চৰাইখোলাৰ নৌশাদ আলী, মোজাম্মেল আলী আৰু ৰফিকুল আলী, দেবত্বৰ হাছদাহৰ সহিদুৰ আলী আৰু গৌৰীপুৰৰ আব্দুল লতিফ আৰু মমিনুৰ ইছলাম বুলি জানিব পৰা গৈছে।

You might also like