নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৰ্তব্যত গাফিলতিৰ অভিযোগত নিলম্বিত চিকিৎসক

শ্ৰীভূমি জিলাৰ অসামৰিক চিকিৎসালয়ত সংঘটিত প্ৰসূতি মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। কৰ্তব্যত গাফিলতিৰ অভিযোগত অন-কল চিকিৎসক ডাঃ নীলাদ্ৰি শেখৰ দাসক তাৎক্ষণিকভাৱে নিলম্বন কৰা হৈছে। জিলা আয়ুক্তৰ তদন্ত প্ৰতিবেদনত চিকিৎসকৰ অৱহেলাৰ অভিযোগ সত্য বুলি প্ৰতীয়মান হোৱাৰ পিছতেই বিভাগে এই সিদ্ধান্ত গ্ৰহণ কৰে।

উল্লেখ্য যে, যোৱা তিনি মাহত শ্ৰীভূমি জিলাত ৪৯ শিশুৰ মৃত্যুৰ লগতে ২ জনকৈ প্ৰসূতিৰ মৃত্যু হৈছিল। ইয়াৰ এজনৰ নাম আছিল নাজমা বেগম। ১৯ মেৰ নিশা সন্তানসম্ভৱা অবস্থাত কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ ভৰ্তি কৰা হৈছিল নাজমা বেগমক। সেই নিশা চিকিৎসকৰ অনকল আছিল নীলাদ্ৰি শেখৰ দাস।

কৰ্তব্যৰত নাৰ্ছে বাৰম্বাৰ মতাৰ পাছতো উপস্থিত হোৱা নাছিল প্ৰসূতি চিকিৎসক নীলাদ্ৰি শেখৰ দাস। পৰৱৰ্তী সময়ত ২০ মে’ তাৰিখে নাজমা বেগম নামৰ প্ৰসূতিগৰাকীক উন্নত চিকিৎসাৰ বাবে অন্য চিকিৎসালয়লৈ ৰেফাৰ কৰা হৈছিল যদিও দুখজনকভাৱে চিকিৎসালয়লৈ নিয়াৰ পথতেই তেওঁৰ মৃত্যু ঘটে।

এই ঘটনাৰ তদন্তৰ বাবে জিলা প্ৰশাসনে গঠন কৰা তদন্ত কমিটীয়ে চিকিৎসা ব্যৱস্থাপনা আৰু অন-কল চিকিৎসকৰ দায়িত্ব পালনত গুৰুতৰ গাফিলতিৰ তথ্য পোহৰলৈ আনে। সেই প্ৰতিবেদনৰ ভিত্তিত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে চিকিৎসকজনক নিলম্বন কৰাৰ নিৰ্দেশ জাৰি কৰে।

উল্লেখযোগ্য যে এই ঘটনাটো পৃথকভাৱে নহয়; বিগত তিনি মাহত শ্ৰীভূমি জিলাত ৪৯ জন নবজাতক আৰু দুগৰাকী প্ৰসূতি মাতৃৰ মৃত্যু হোৱাত সমগ্ৰ জিলাখনত তীব্ৰ উদ্বেগ আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। একেৰাহে সংঘটিত এই মৃত্যুৰ ঘটনাবোৰে জিলাখনৰ মাতৃ আৰু শিশু স্বাস্থ্যসেৱাৰ মানদণ্ড, চিকিৎসা ব্যৱস্থাপনা, জৰুৰীকালীন সেৱা আৰু চিকিৎসকৰ দায়িত্ব পালনৰ ওপৰত একাধিক প্ৰশ্ন উত্থাপন কৰিছিল।

ইয়াৰ পূৰ্বে ৭ জুলাইত “শ্ৰীভূমিত তিনি মাহত ৪৯ নৱজাতকৰ মৃত্যু, উদ্বিগ্ন স্বাস্থ্য বিভাগ” শীৰ্ষক বাতৰি প্ৰকাশ পোৱাৰ পিছতে বিষয়টো গুৰুত্বসহকাৰে গ্ৰহণ কৰে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে। বিভাগীয় তদন্ত আৰম্ভ কৰাৰ লগতে স্বাস্থ্যসেৱাৰ বিভিন্ন দিশ পৰ্যালোচনা কৰা হয়।

তদন্তত কৰ্তব্যত গাফিলতিৰ অভিযোগ সমৰ্থন হোৱাত সংশ্লিষ্ট চিকিৎসকৰ বিৰুদ্ধে বিভাগে নিলম্বনৰ দৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সূত্ৰই জনোৱা মতে, মাতৃ আৰু নবজাতকৰ মৃত্যুৰ দৰে স্পৰ্শকাতৰ ঘটনাত কোনো ধৰণৰ অৱহেলা বা কৰ্তব্যত গাফিলতি সহ্য কৰা নহ’ব। দায়িত্ব পালনত অৱহেলাৰ প্ৰমাণ পোৱা যিকোনো বিষয়া বা স্বাস্থ্যকৰ্মীৰ বিৰুদ্ধে আগন্তুক দিনতো কঠোৰ শাস্তিমূলক ব্যৱস্থা অব্যাহত থাকিব।

শ্ৰীভূমিত একেৰাহে সংঘটিত মাতৃ আৰু নবজাতকৰ মৃত্যুৰ ঘটনাই স্বাস্থ্য ব্যৱস্থাৰ সামগ্ৰিক কাৰ্যক্ষমতা আৰু জৰুৰীকালীন চিকিৎসা সেৱাৰ মানদণ্ড উন্নত কৰাৰ প্ৰয়োজনীয়তাক পুনৰ এবাৰ উন্মোচন কৰিছে। স্থানীয় বাসিন্দা, সচেতন মহল আৰু বিভিন্ন সামাজিক সংগঠনে এই ঘটনাৰ সম্পূৰ্ণ আৰু স্বচ্ছ তদন্তৰ লগতে স্বাস্থ্যসেৱাত জবাবদিহিতা নিশ্চিত কৰাৰ দাবী উত্থাপন কৰিছে।

নিয়মীয়া বাৰ্তা, শ্ৰীভূমি, ২৮ জুলাই

You might also like