নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশত ১০ হাজাৰ অতিক্ৰমঃ ২৪ ঘণ্টাত সংক্ৰমিত হ’ল ১২ শতাধিক

নিয়মীয়া বাৰ্তা, ১৪ এপ্ৰিলঃ দেশত ক্ৰমান্বয়ে বৃদ্ধি পাব ধৰিছে ক’ৰোনা আক্ৰান্তৰ সংখ্যা । লকডাউন ঘোষণাৰ তিনি সপ্তাহৰ ভিতৰতে আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে ১০ হাজাৰৰ ঘৰ । বিগত ২৪ ঘণ্টাত ১২১১ জনৰ শৰীৰত ক’ৰোনা ভাইৰাছ ধৰা পৰাটো বৰ্তমানলৈকে দেশত এটা দিনৰ সৰ্বাধিক ।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে জনোৱা অনুসৰি মুঠ ১০৩৬৩ জন লোক আক্ৰান্ত হৈছে ক’ৰোনা মহামাৰীত । বিগত ২৪ ঘণ্টাত দেশজুৰি ৩১ জন লোকৰ মৃত্যু হোৱাত মৃত্যুৰ সংখ্যা হয় মুঠ ৩৩৯ জন । ক’ৰোনা মোকাবিলা কৰাৰ বাবে ইতিমধ্যে দেশত নমুনা পৰীক্ষাৰ সংখ্যা বৃদ্ধি কৰা হৈছে বুলি মঙলবাৰে উল্লেখ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । সমগ্ৰ দেশত ২২১ টা পৰীক্ষাগাৰত নমুনা পৰীক্ষা অব্যাহত আছে বুলিও জানিবলৈ দিয়ে প্ৰধানমন্ত্ৰীয়ে ।

দেশৰ ভিতৰত মহাৰাষ্ট্ৰ, দিল্লী আৰু তামিলনাডু এই তিনিখন ৰাজ্যৰ পৰিস্থিতি উদ্বেগজনক । মহাৰাষ্ট্ৰত ক’ৰোনা আক্ৰান্তৰ সংখ্যা দেশৰ ভিতৰতে সৰ্বাধিক । ৰাজ্যখনত প্ৰায় ২ হাজাৰ ৩৩৪ গৰাকী লোকৰ শৰীৰত ধৰা পৰিছে ক’ভিড-১৯ । ইয়াৰ পাছতে থকা দিল্লীত ১,৫১০ জনৰ শৰীৰত বৰ্তমানলৈকে ধৰা পৰিছে ক’ভিড-১৯ । তামিলনাডুত আক্ৰান্তৰ সংখ্যা হৈছে ১,১৭৩ গৰাকী ।

You might also like