ক’ৰোনাত আক্ৰান্ত হৈ পাকিস্তানী ক্ৰিকেটাৰৰ মৃত্যু
নিয়মীয়া বাৰ্তা, ১৪ এপ্ৰিলঃ পাকিস্তানত যোৱা দুই-তিনিদিনত ক’ৰোনাত আক্ৰান্ত হৈছে তিনিশৰো অধিক লোক । শেহতীয়াকৈ পাকিস্তানৰ এগৰাকী প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰৰ এই ভাইৰাছৰ ফলত মৃত্যু ঘটিছে ।
পাকিস্তানৰ প্ৰাক্তন প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰ জাফৰ ছাৰফৰাজৰ (Zafar Sarfraz) কৰোনাত আক্ৰান্ত হৈ মৃত্যু ঘটে । ৫০ বছৰীয়া ছাৰফৰাজ হৈছে ক’ৰোনাত মৃত্যু হোৱা দেশখনৰ প্ৰথনজন ক্ৰিকেটাৰ ।
উল্লেখ্য যে ৭ এপ্ৰিল অৰ্থাৎ যোৱা মঙলবাৰে তেওঁৰ শৰীৰত ক’ৰোনাৰ অৱস্থিতি পোৱা গৈছিল । আৰু বিগত ৩ দিন ধৰি তেওঁক চিকিৎসালয়ৰ ভেণ্টিলেটৰত ৰখা হৈছিল ।
Former First Class Cricketer Zafar Sarfraz passes away in Peshawar. He was tested positive for #COVID19 a few days back and breathed his last in LRH today. Zafar played 15 FC games for Peshawar, he was the elder brother of Akhtar Sarfaraz, who passed away last year. pic.twitter.com/40sFd2Sgpo
— Faizan Lakhani (@faizanlakhani) April 13, 2020