নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উন্মুক্ত সীমান্তত নাওসহ জব্দ ৭৩টা গৰু

দক্ষিণ শালমাৰা-সুখচৰত উন্মুক্ত সীমান্তৰে বাংলাদেশলৈ গৰু সৰবৰাহৰ চেষ্টা ।

দক্ষিণ শালমাৰা,১১ নৱেম্বৰঃ দক্ষিণ শালমাৰা থানাৰ অন্তৰ্গত চৌকিচৰৰ বাংলাদেশ সীমান্তৰ লগতে সুখচৰ থানাৰ অন্তৰ্গত মহামায়া আৰু হাতীৰচৰৰ বাংলাদেশ সীমান্তৰ পৰা বি এছ এফে দুখন যন্ত্ৰচালিত নাওসহ ৭৩ টা চোৰাং গৰু জব্দ কৰে । সোমবাৰে পুৱতি নিশা প্ৰায় ২.৩০ বজাত সুখচৰ থানাৰ অন্তৰ্গত মহামায়া চৰৰ বাংলাদেশ সীমান্তৰ নদী পথেৰে দুখন যন্ত্ৰচালিত নাওযোগে চোৰাং সৰবৰাহকাৰী চক্ৰ এটাই ৩৫ টা গৰু বাংলাদেশলৈ নিয়াৰ সময়তে বি এছ এফে জব্দ কৰে । একেদৰে প্ৰায় ৩ বজাত হাতীচৰত বি এছ এফ জোৱানে উন্মুক্ত সীমান্ত জব্দ কৰিবলৈ সক্ষম হয় ১৭ টা গৰু । অৱশ্যে গৰু জব্দ কৰিলেও কিন্তু সৰবৰাহকাৰীৰ দলটো পলাই যাবলৈ সক্ষম হয় । একেদৰে চৌকিচৰত বি এছ এফ জোৱানে বাংলাদেশ সীমান্তৰ পৰাও পুৱতি নিশা প্ৰায় আঢ়ৈ বজাত মুঠ ২১ টা গৰু জব্দ কৰিবলৈ সক্ষম হয় ।

 

You might also like