নিয়মীয়া বাৰ্তা, ১৫ এপ্ৰিলঃ ক’ৰোনা ভাইৰাছৰ আতংকই এইবাৰ বিহু সেমেকা কৰিলে যদিও সকলো প্ৰান্ততে স্বকীয় ৰীতি-নীতি আৰু পৰম্পৰাৰে সামাজিক দূৰত্ব বৰ্তাই পালন কৰা দেখা গ’ল বিহু । মহামাৰীৰ বিৰুদ্ধে চলি থকা এই যুঁজখনত দিন-নিশাই অতন্দ্ৰ প্ৰহৰী হৈ কাম কৰি আছে একাংশই । ৰঙালীৰ এই হেন উচাহৰ মাজতো নিজৰ পৰিয়ালৰ পৰা আঁতৰত থাকি মহামাৰীৰ বিৰুদ্ধে যুঁজ দিছে এইসকল যোদ্ধাই ।
মহামাৰী বিৰোধী এই যুঁজৰ যোদ্ধা চিকিৎসক,স্বাস্থ্য কৰ্মী, আৰক্ষী আৰু সংবাদসেৱীসকললৈ ৰঙালী বিহু উপলক্ষে হাজোৰ ট্ৰেনজিচন্ একাডেমীৰ ফালৰ পৰা একোখনকৈ ফুলাম গামোচাৰে জনোৱা হয় বিহুৰ ওলগ । যিহেতু চিকিৎসক-স্বাস্থ্য কৰ্মী সকলে মহামাৰী ক’ৰোনা ভাইৰাছৰ বাবে চিকিৎসা সেৱাত ব্ৰতী হৈ থাকি ঘৰলৈ যাব পৰা নাই সেয়েহে এওঁলোকৰ মনোবল বৃদ্ধি কৰাৰ বাবে এনেধৰণৰ ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিছে এই শিক্ষানুষ্ঠানখনে ।