নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

য’তে-ত’তে থু-খেকাৰ নেপেলাবঃ ভৰিব লাগিব জৰিমনা

নিয়মীয়া বাৰ্তা, ১৬ এপ্ৰিলঃ হাঁচি-কাহৰ পৰা ক’ৰোনা ভাইৰাছ সংক্ৰমিত হয় বুলি প্ৰমাণ পোৱাৰ পাচতেই মাস্ক পিন্ধাটো জৰুৰী হৈছিল । এইবাৰ য’তে-ত’তে থু-খেকাৰ পেলোৱা লোকসকলৰ প্ৰতি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে ।

দেশত জাৰি হৈছে ডিজাষ্টাৰ মেনেজমেণ্ট এক্ট । এই আইনৰ অধীনত বাটে-ঘাটে থু-খেকাৰ পেলোৱাটো হৈছে অপৰাধ । এই আইন অমান্য কৰিলে ভৰিব লাগিব জৰিমনা । কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে উল্লেখ কৰিছে এই কথা । বাহিৰলৈ ওলোৱাৰ সময়ত মাস্ক নিপিন্ধিলেও শাস্তি হ’ব পাৰে বুলিও উল্লেখ কৰিছে গৃহ মন্ত্ৰালয়ে ।

মুম্বাই পৌৰসভাই ইতিমধ্যে গুটখা সেৱনকাৰী আৰু অন্যান্য সকলৰ বাবে আনিছে দুঃসংবাদ । কিয়নো প্ৰকাশ্যে থু পেলালে জৰিমনা হ’ব ১০০০ টকা । দিল্লীৰ লগতে দেশৰ অনেক ৰাজ্যই ইতিমধ্যে এই আইন জাৰি কৰিছে । বিহাৰ, ঝাৰখণ্ড, তেলেংগানা, উত্তৰপ্ৰদেশ, উত্তৰাখণ্ড, মহাৰাষ্ট্ৰ, হাৰিয়ানা, নাগালেণ্ড আৰু অসমত ইতিমধ্যে পান, গুটখা আদি বিক্ৰী অথবা এইসমূহ খাই থু পেলোৱাটো নিষিদ্ধ কৰা হৈছে ।

You might also like