নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনে ভাৰতক যোগান ধৰা ৫০ হাজাৰ পি পি ই কিট ছেফটী টেষ্টত অযোগ্য প্রমাণিত

নিয়মীয়া বাৰ্তা, ১৭ এপ্ৰিলঃ সাহায্যৰ নামত চীন দেশে ভাৰতক প্রতাৰণা কৰিলে নেকি ? চুবুৰীয়া দেশখনে ভাৰতক প্রদান কৰা ৫০ হাজাৰতকৈও অধিক পিপিই কিট ছেফটী টেষ্টত অযোগ্য প্রমাণিত হোৱাত এই প্রশ্ন উত্থাপন হৈছে ৷ ক’ভিড–১৯ৰ বিৰুদ্ধে যুঁজলৈ সহায় হিচাপে ভাৰতৰ স্বাস্থ্যকর্মীসকলৰ বাবে চীনে কিছুদিন পূর্বে আগবঢ়াইছিল প্রায় ১ লাখ ৭০ হাজাৰ পিপিই কিট ৷ কিন্তু এই কিটসমূহৰ ৫০ হাজাৰতকৈও অধিক কিট গুণগত মান আৰু সুৰক্ষাৰ পৰীক্ষাত অযোগ্য প্রমাণিত হৈছে ৷

ইক’নমিকছ টাইমছৰ তথ্য মতে, যোৱা ৫ এপ্রিলত চীনে ভাৰতলৈ প্রেৰণ কৰিছিল ১ লাখ ৭০ হাজাৰ পিপিই কিট ৷ ইয়াৰে ৫০ হাজাৰ কিট পৰীক্ষাত অযোগ্য প্রমাণিত হয় ৷ এই কিটসমূহ গোৱালিয়ৰত থকা ডি আৰ ডি অ’ লেব’ৰেটৰীত পৰীক্ষা কৰোৱা হৈছিল ৷ উল্লেখ্য যে ভাৰতত প্রতিদিনে ১ লাখ পিপিই কিটৰ প্রয়োজন হয় ৷ সম্প্রতি প্রতিদিনে ৩০ হাজাৰ পিপিই কিট উৎপাদন কৰিবলৈ ভাৰত সক্ষম ৷ এই মাহৰ শেষৰ ফালে ভাৰতে প্রতিদিনে ৫০ হাজাৰ এনে কিট উৎপাদন কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰা হৈছে ৷

You might also like