নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দৰিদ্রৰ ধন–চাউল আত্মসাতৰ প্রতিযোগিতাত নামিছে জনপ্রতিনিধি

নিয়মীয়া বার্তা, ১৮ এপ্রিলঃ ক’ৰোনা ভাইৰাছ (ক’ভিড ১৯) সংক্রমণ প্রতিৰোধৰ বাবে আব্যাহত লাকডাউনে ৰাজ্যৰ অর্থনীতিৰ সমান্তৰালকৈ দুখীয়া ৰাইজকো কোঙা কৰি পেলাইছে ৷ স্তব্ধ হৈ পৰিছে জনজীৱন ৷ দোকান–পোহাৰ আদি বন্ধ হৈ পৰাৰ পৰিণতিত সাধাৰণ দুখীয়া দিন হাজিৰা, ক্ষুদ্র ব্যৱসায়–বাণিজ্য কৰা শ্রমিক শ্রেণীৰ দুখ কুলাই–পাচিয়ে নধৰা হৈছে ৷ হাড়ভঙা শ্রম কৰি খেতিত উৎপাদিত পাচলি বজাৰ নোপোৱাৰ ফলত পথাৰতে পচিবলৈ আৰম্ভ কৰিছে ৷ যাৰ ফলত কৃষক শ্রেণীৰ মূৰতো মাধমাৰ পৰিছে ৷ এনে সময়তে চৰকাৰে শ্রমিক, কৃষক সাধাৰণ জনতাক সকাহ দিয়াৰ উদ্দেশ্যে জনধন একাউণ্টৰ জৰিয়তে ধন, ৰেচন কার্ড থকা লোকক বিনামূলীয়াকৈ চাউল, কার্ড নথকা লোকক ১০০০ টকাকৈ আদায় দিছে ৷ জনপ্রতিনিধিৰ জৰিয়তে, সমবায় এজেণ্টৰ জৰিয়তে অথবা একাউণ্টত পোনে পোনে দিয়াৰো ব্যৱস্থা কৰিছে ৷

কিন্তু এই ধন, চাউলৰ ওপৰত শেন চকু পৰিছে জনপ্রতিনিধি, সমবায় এজেণ্ট একাংশৰ ৷ বিভিন্ন কূট–কৌশল, ছলাহী কথাৰে উক্ত ধনৰ ছান কাঢ়িবলৈ লৈছে৷বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ বিষ্ণুপুৰতো জনধন একাউণ্টৰ জৰিয়তে ধন আৰু সমবায়ৰ এজেণ্টৰ জৰিয়তে আগবঢ়োৱা চাউলৰ চানকঢ়াৰ অভিযোগ উত্থাপিত হৈছে ৷ প্রাপ্ত অভিযোগ মতে,বইটামাৰী উন্নয়ন খণ্ডৰ অন্তর্গত শংকৰঘোলা পঞ্চায়তৰ বিষ্ণুপুৰৰ পঞ্চায়ত সদস্য শিবিলা দাস, আত্মসহায়ক গোটৰ জীৱিকা সখী (ভি অ’) মামণি নমঃ দাস আৰু ৰজত কুমাৰ ৰায় বেংকৰ এজেণ্টৰ অজ্ঞাতে ৫০০ টকাকৈ লাভ কৰা প্রতিগৰাকী মহিলাৰ পৰা ২০ টকাকৈ কৌশলেৰে আদায় কৰে৷ আনহাতে সমবায়ৰ জৰিয়তে লাভ কৰা চাউলৰ প্রতিজনৰ অংশৰ পৰা ৫০০ গ্রামকৈ স্থানীয় এজেণ্টজনে কাটি ৰাখে ৷

ইপিনে, ৰেচন কার্ড নথকাসকলক দিয়া ১০০০ টকাৰ স্বজনপ্রীতি দেখুওৱাৰো অভিযোগ উঠিছে ৷ বিষ্ণুপুৰ অঞ্চলৰ অধিকাংশ দুখীয়া লোকে এইধন লাভ নকৰা বুলিও অভিযোগ তুলিছে ৷ এই সম্পর্কত পঞ্চায়ত সদস্যা শিবিলা দাসৰ পৰা জানিব বিচৰাত ৰাইজক অকথ্য গালি–গালাজ কৰি খেদি পঠিওৱাৰো অভিযোগ উত্থাপন হৈছে৷ এই সম্পর্কত অর্ধশতাধিক লোকে স্বাক্ষৰ কৰা এখন অভিযোগ পত্র জিলা উপায়ুক্ত আৰু মহকুমাধিপতিক দিয়াৰ বাবে সাজু কৰা বুলিও জানিব পৰা গৈছে৷ দেশৰ এই জটিল সন্ধিক্ষণত সমগ্র ঘটনাৰ তদন্ত কৰি দোষীক উপযুক্ত শাস্তি প্রদানৰ দাবী জনাইছে স্থানীয় বিষ্ণুপুৰৰ ৰাইজে৷ ইফালে, সমগ্র বিশ্বতে সম্প্রতি মহামাৰীৰ ৰূপ লোৱা ক’ভিড–১৯ ৰ বিৰুদ্ধে যুঁজিবলৈ প্রধানমন্ত্রীয়ে লকডাউনৰ দিন বৃদ্ধি কৰাৰ লগতে খাদ্য সংকটত পৰা লোকসকলক প্রয়োজনীয় খাদ্যসামগ্রী যোগান ধৰাৰ লগতে ৰেচন কার্ড নথকা লোকসকলক এহেজাৰ টকাকৈ বিতৰণ কৰি উপকৃত কৰিবলৈ আঁচনি গ্রহণ কৰিছে ৷

দেশৰ এই ভয়াৱহ পৰিস্থিতিৰ সময়তো বৰছলা সমষ্টিৰ গুপ্তেশ্বৰ গাঁও পঞ্চায়তত চৰকাৰী আঁচনিৰ ধন বিতৰণত পঞ্চায়তৰ সভাপতি–সম্পাদকে ব্যাপক অনিয়মৰ আশ্রয় গ্রহণ কৰি দুর্নীতিত লিপ্ত হৈ প্রকৃত হিতাধিকাৰীক বঞ্চিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ উল্লেখ্য যে বৰছলা সমষ্টিৰ গুপ্তেশ্বৰ গাঁও পঞ্চায়তত চৰকাৰী আঁচনিৰ ধন বিতৰণত পঞ্চায়তটোৰ সভাপতি দৈৱকী বাউৰী আৰু সম্পাদক পৱন গোৱালাই আশ্রয় ল’লে ব্যাপক অনিয়মৰ ৷ দেশৰ ভয়াৱহ পৰিস্থিতিৰ সময়ত চৰকাৰে বিতৰণ কৰিবলৈ দিয়া ৰেচন কার্ড নথকা লোকক এহেজাৰ টকাৰ অনুদান পঞ্চায়তটোৰ দুর্নীতিগ্রস্ত সভাপতি–সম্পাদকে ৰেচন কার্ড থকা অঙহী–বঙহীক প্রদান কৰিলে ৷ ইয়াৰ বিপৰীতে প্রাপ্যৰ পৰা বঞ্চিত কৰিলে বহু দুখীয়া লোকক৷ আনহাতে গুপ্তেশ্বৰ গাঁও পঞ্চায়তৰ বহুকেইজন ৱার্ড মেম্বাৰে গমেই নাপায় ৱার্ডটোত চৰকাৰী আঁচনিৰ ধন বিতৰণৰ ঘটনা ৷ পঞ্চায়তটোৰ ৭ নং ৱার্ডৰ ৱার্ড মেম্বাৰ পৱন গোৱালাই অভিযোগ উত্থাপন কৰে যে তেওঁৰ অজ্ঞাতে তেওঁ দাখিল কৰা নাম তালিকা বাতিল কৰি ৱার্ডটোত সভাপতি–সম্পাদকে প্রকৃত হিতাধিকাৰীক বঞ্চিত কৰি ৰেচন কার্ড থকা কেইবাগৰাকী লোকক এহেজাৰ টকাকৈ বিতৰণ কৰি ব্যাপক দুর্নীতিৰ আশ্রয় লৈছে ৷ তেওঁ সম্পূর্ণ তথ্য দাঙি ধৰে সাংবাদিকৰ সন্মুখত ৷

আনহাতে পঞ্চায়তটোৰ ৮ নং ৱার্ডৰ মেম্বাৰ সুৰন্ধী বাউৰীয়ে সাংবাদিকক জনায় যে ৱার্ড মেম্বাৰগৰাকীৰ অনুপস্থিতিত গুপ্তেশ্বৰ গাঁও পঞ্চায়তৰ সভাপতি–সম্পাদকে তেওঁ দিয়া দুখীয়া লোকৰ তালিকা বাতিল কৰি নিজ ইচ্ছামতে ধন বিতৰণ কৰে৷ ৱার্ডটোত প্রকৃত হিতাধিকাৰীক বঞ্চিত কৰি ৰেচন কার্ড থকা কেইবাগৰাকী অঙহী–বঙহীকো এহেজাৰ টকাকৈ সভাপতি–সম্পাদকে বিতৰণ কৰাৰ তথ্য দাঙি ধৰা ৱার্ড মেম্বাৰগৰাকীয়ে সভাপতি–সম্পাদকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ মানৱজাতিৰ সংকটৰ সময়ত চৰকাৰে দৰিদ্র হিতাধিকাৰীক ধনৰ বিতৰণৰ ক্ষেত্রতো ব্যাপক অনিয়ম–দুর্নীতিৰ আশ্রয় লোৱা পঞ্চায়তৰ সভাপতি–সম্পাদকৰ বিৰুদ্ধে উচিত শাস্তিমূলক ব্যৱস্থা গ্রহণ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজৰ লগতে আটছাৰ ঢেকীয়াজুলি আঞ্চলিক সমিতিয়ে ৷

You might also like