নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সেনাৰ ৮ জোৱানৰ শৰীৰত ক’ৰোনাৰ সংক্রমণ

নিয়মীয়া বাৰ্তা, ১৮ এপ্ৰিলঃ ক’ৰোনা ভাইৰাছৰ সংক্রমণে ভাৰতৰ বিভিন্ন ৰাজ্যত হাহাকাৰ অৱস্থা সৃষ্টি কৰি অহাৰ সময়তে ইয়াৰ সংক্রমণ দেশৰ নিৰাপত্তাৰ  লগত জড়িত সেনা জোৱানৰ মাজলৈও সংক্রমিত হোৱাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে ৷ ভাৰতীয় সেনাৰ চি অ’ এ এছ জেনেৰেল এম এম নাৰাৱনেই নিশ্চিত কৰা মতে ভাৰতীয় সেনাৰ ৮জনকৈ জোৱানৰ শৰীৰত ধৰা পৰিছে ক’ভিড–১৯ ভাইৰাছৰ উপস্থিতি ৷ ‘এতিয়ালৈকে সমগ্র ভাৰতীয় সেনাবাহিনীৰ ভিতৰত মাত্র ৮টা পজিটিভ কেছ পোৱা গৈছে ৷ ইয়াৰে দুজন চিকিৎসক আৰু আন এগৰাকী নার্ছৰ সহায়ক ৷ ইতিমধ্যে ৪জন আৰোগ্যৰ দিশে আগবাঢ়িছে ৷ লাডাখত এজন জোৱানৰ শৰীৰত ভাইৰাছ ধৰা পৰিছিল যদিও তেওঁ বর্তমান সম্পূর্ণ সুস্থ আৰু চাকৰিত যোগদান কৰিছে ৷’ –সেনাৰ মুখ্য জেনেৰেল এম এম নাৰাৱানেই কাশ্মীৰৰ  কুপৱাৰাত সাংবাদিকৰ আগত এইদৰে কয় ৷ তেওঁ আৰু কয় যে যি সময়ত ভাৰতে সমগ্র বিশ্বতে হৈ থকা ক’ৰোনা ভাইৰাছ নিয়ন্ত্রণত দেশসমূহক সহায়ৰ হাত আগবঢ়াইছে, তেনে সময়তে পাকিস্তানে সন্ত্রাসবাদীক উছাহ যোগোৱাত ব্যস্ত হৈ পৰিছে ৷

You might also like