আমেৰিকাত ২৪ ঘণ্টাত ক’ৰোনাই প্ৰাণ কাঢ়িলে ৪,৪৯১ জনৰ
নিয়মীয়া বাৰ্তা, ১৮ এপ্ৰিলঃ বিশ্বৰ ২১০ খন দেশলৈ বিয়পি পৰা ক’ৰোনা ভাইৰাছে এতিয়া বহু দেশত ভয়াৱহভাৱে সংহাৰ চলাইছে । বিশ্বত এতিয়ালৈকে ২২ লক্ষাধিক লোক আক্ৰান্ত হোৱা এই মহামাৰীত প্ৰাণ হেৰুৱাইছে ১ লাখ ৫০ হাজাৰ লোকে । সৰ্বাধিক মৃত্যু হৈছে বিশ্বৰ সৰ্বশক্তিমান আমেৰিকা যুক্তৰাষ্ট্ৰত । যোৱা বুধবাৰে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে ঘোষণা কৰিছিল যে ক’ৰোনা ভাইৰাছত মৃত্যু–আক্রান্তই সর্বোচ্চ শিখৰত উপনীত হৈছে৷ কিন্তু তাৰ এদিন পাছতে আমেৰিকা যুক্তৰাষ্ট্রত সর্বাধিক মৃত্যুৰ অভিলেখ গঢ়িবলৈ বাধ্য হ’ল দেশখন৷ আমেৰিকাৰ চৰকাৰী সূত্র মতে, ২৪ ঘণ্টাত দেশখনত ৪,৪৯১জন লোকে ক’ভিড–১৯ মহামাৰীত প্রাণ হেৰুৱাব লগা হয়৷ মৃত্যু আৰু আক্রান্তৰ সংখ্যা কমি গ’লে পর্যায়ক্রমে লকডাউন উঠাই লোৱাৰ কথা ঘোষণা কৰিছিল মার্কিন ৰাষ্ট্রপতি ট্রাম্পে৷ ৰাজ্যসমূহৰ গৱর্নৰসকলৰ সৈতে আলোচনা কৰি লকডাউন তুলি লোৱাৰ প্রক্রিয়া আৰম্ভ কৰাৰ উপৰি লকডাউনৰ নিয়ম–কানুনো শিথিল কৰাৰ কথা ঘোষণা কৰিছিল৷ কিন্তু কালি প্রকাশ পোৱা এই মৃত্যুৰ পৰিসংখ্যাই হোৱাইট হাউছক নিজৰ সিদ্ধান্ত সন্দর্ভত নতুনকৈ চিন্তা–ভাবনা কৰিবলৈ বাধ্য কৰিলে৷ ইফালে, আমেৰিকাৰ ঐশ্বর্যশালী চহৰ নিউয়র্কত মৃত্যুৰ হাৰ সর্বাধিক৷ শেহতীয়া তথ্য মতে, নিউয়র্কত ১৬ সহস্রাধিক লোকৰ মৃত্যু হোৱাৰ লগতে আক্রান্ত হৈছে ২ লাখ ২৬ হাজাৰ লোক৷ আমেৰিকাৰ পাছতেই মৃতকৰ সংখ্যাৰে তালিকাৰ দ্বিতীয় স্থানত আছে ইটালী৷ ইউৰোপৰ এই দেশখনত এতিয়ালৈকে ২২ হাজাৰ ৭০০ লোকে প্রাণ হেৰুৱাইছে আৰু আক্রান্ত হৈছে ১ লাখ ৭২ হাজাৰ লোকে৷ তৃতীয় স্থানত থকা স্পেইনত প্রাণ গৈছে ১৯ হাজাৰ ৪০০ লোকৰ ৷ শেহতীয়া তথ্য মতে, ফ্রান্সত ১৮ হাজাৰ আৰু ব্রিটেইনত প্রায় ১৫ হাজাৰ লোকৰ প্রাণ গৈছে৷ ব্রিটেইনত কালিৰ দিনটোতে প্রাণ গৈছিল ৮৬১জনৰ ৷ ইৰানত শেহতীয়া তথ্য মতে, এছিয়াৰ ভিতৰতে সর্বাধিক ৪,৯৫৮ লোকৰ প্রাণহানি হৈছে ৷