নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মণিপুৰী মহিলাক থুৱাই দিয়া অপৰাধীক গ্রেপ্তাৰ মুম্বাইত

নিয়মীয়া বাৰ্তা, ১৮ এপ্রিলঃ ১০ দিন পূর্বে মণিপুৰী মহিলা এগৰাকীক থুৱাই দিয়া এটা দুর্বৃত্তক বৃহস্পতিবাৰে মুম্বাই আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে ৷ পশ্চিম মুম্বাইৰ কার্লাৰ বাসিন্দা ১৯ বছৰীয়া এই দুর্বৃত্তটোক জনৈক আমীৰ খান বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে ৷ উল্লেখনীয় যে ৩০ বছৰীয়া মহিলাগৰাকী ছাণ্টাক্রুজত গীতা বিহাৰ জংছনৰ পৰা কালিনা সামৰিক শিবিৰ অভিমুখে গৈ থকা সময়তে এই ঘটনা সংঘটিত হৈছিল ৷ লকডাউনৰ সময়ত বিভিন্ন অত্যাৱশ্যকীয় সামগ্রী সংগ্রহ কৰাৰ বাবে সামৰিক শিবিৰটোলৈ গৈছিল মহিলাগৰাকী ৷ হঠাতে মটৰচাইকেলত আহি দুর্বৃত্তটোৱে মণিপুৰী মহিলাগৰাকীক অশালীন ব্যৱহাৰ কৰাৰ উপৰি থুৱাই দি ঘটনাস্থলীৰ পৰা পলায়ন কৰিছে৷ চিটি টিভি ফুটেজৰ জৰিয়তে আৰক্ষীয়ে দুর্বৃত্তক চিনাক্ত কৰি অভিযান চলাইছে ৷ আৰক্ষী উপায়ুক্ত মঞ্জুনাথ সিংঘেই সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি পেছাত ছেল্ছমেন আমীৰক ভাৰতীয় দণ্ডবিধিৰ ২৭০ আৰু ৩৫২ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি গ্রেপ্তাৰ কৰা হৈছে ৷

You might also like