নিয়মীয়া বার্তা, ১৯ এপ্রিলঃ নাগালেণ্ডৰ লুচাইপানী কয়লাখনিত শ্রমিক হিচাপে নিয়োজিত কেইজনমান শ্রমিকে দুর্যোগত ভুগি খোজকাঢ়ি ভৈয়ামলৈ নামি আহে ৷ মথুৰাপুৰৰ টংকে ৰাণা, বিনয় সিং, বিকি মাল, নৰেন চাহু, লোহিত লামা, বাবুল লামা, ৰাম খদ্দাল আৰু টেক ৰাণা নামৰ এই ৮জন শ্রমিকক অসহায় অৱস্থাত উদ্ধাৰ কৰে নাজিৰা মহকুমাৰ গেলেকী আৰক্ষী থানাৰ অন্তর্গত ১নং লাহন গাঁওৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক পোনা গগৈসহ সদস্যসকলে ৷ চৰকাৰ তথা শিৱসাগৰ জিলা আৰু নাজিৰা মহকুমা প্রশাসনৰ নির্দেশ অনুযায়ী আৰু আৰক্ষী প্রশাসনৰ জাননী মতে কোনো অচিনাকি লোক লকডাউনৰ সময়ত কোনো অঞ্চলত প্রৱেশ কৰিলে গাঁওৰক্ষী বাহিনীয়ে স্থানীয় আৰক্ষী থানাত জনাব লাগে আৰু তেনে লোকক সম্ভৱস্থলত গাঁওৰক্ষী বাহিনীয়ে আৰক্ষী থানাত গতাব লাগে বুলি নির্দেশ আছে ৷ এই নির্দেশ মানিয়েই ১নং লাহন গাঁওৰ গাঁওৰক্ষী বাহিনীয়ে শ্রমিককেইজনক স্থানীয় আৰক্ষী থানাত গতাবলৈ নি থকা অৱস্থাত আৰক্ষী দল এটাই গাঁওৰক্ষী বাহিনীৰ সম্পাদকজনক বাটভেটি নির্দেশ দিয়ে শ্রমিক কেইজনক আৰক্ষী থানালৈ নিনি অন্য বাটেৰে পঠাই দিবলৈ৷ আৰক্ষী প্রশাসন আৰু জিলা প্রশাসনৰ নির্দেশ মর্মেই গাঁওৰক্ষী বাহিনীয়ে অচিনাকি লোককেইজনক সহায়ৰ উদ্দেশ্যে থানালৈ নি থকা অৱস্থাত বাটভেটি ধৰা আৰক্ষীৰ দলটোৰ ঠিকাদাৰক বচাবলৈ অথবা অন্য ৰহস্যজনক কাৰণ থাকিব পাৰে বুলি স্থানীয় ৰাইজে বুবু বাবা কৰিছে ৷ অৱশ্যে গাঁওৰক্ষী বাহিনীৰ সম্পাদকজনৰ তৎপৰতাত গেলেকী আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়াগৰাকীৰ প্রচেষ্টাত শ্রমিককেইজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷