নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিঙিৰ লগতে নাকৰ পৰাও সংগ্ৰহ কৰিব নমুনা

নিয়মীয়া বাৰ্তা, ১৯ এপ্ৰিলঃ আৰম্ভণিতে ক’ভিড-১৯ ৰ সংক্ৰমণ চিনাক্তকৰণৰ বাবে এতিয়াৰে পৰা নাক আৰু ডিঙি উভয়ৰে পৰা নমুনা সংগ্ৰহ কৰা হ’ব । – গুৱাহাটীৰ এন এইচ এমৰ কাৰ্যালয়ত শনিবাৰে বিয়লি অনুষ্ঠিত এখন সংবাদমেলত স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে । সংবাদ মেলখনত মন্ত্রী ড০ শর্মাই কয় যে পূর্বতে ডিঙিৰ পৰাহে নমুনা সংগ্রহ কৰা হৈছিল৷ কিন্তু ক’ৰোনা ভাইৰাছৰ সংক্রমণ আৰম্ভণিতে যাতে ধৰিব পৰা যায়, তাৰ বাবে এতিয়াৰে পৰা ডিঙিৰ লগতে নাকৰ পৰাও নমুনা সংগ্রহৰ ব্যৱস্থা গ্রহণ কৰা হৈছে৷ তদুপৰি অসমক ক’ৰোনাৰ পৰা মুক্ত কৰাৰ স্বার্থত ক’ভিড–১৯ত আক্রান্তৰ প্রত্যক্ষ সংস্পর্শলৈ অহা পৰিয়ালৰ লোকক ২৮ দিনৰ কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দি তেওঁ কয় যে বহুতৰে ক্ষেত্রত বিশেষকৈ অসমত কোৱাৰেণ্টাইনত থকাৰ প্রথম ১৪ দিনৰ পাছতো সংক্রমণ হোৱা দেখা গৈছে ৷ সেয়ে যিসকল লোকৰ ক’ভিড–১৯ হৈছে, তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলক প্রথম ১৪ দিন কোৱাৰেণ্টাইনত থকাৰ পাছত আৰু ১৪ দিন হোম কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা কৰা হৈছে৷ অসমত এতিয়ালৈ মুঠ ৩৪জন লোক ক’ভিড–১৯ত আক্রান্ত হোৱাৰ বিষয়ে জানিবলৈ দি তেওঁ কয় যে আক্রান্ত লোকসকল হৈছে ১৮ৰ পৰা ৭১ বছৰ বয়সৰ ভিতৰৰ৷ অৱশ্যে ৫০–৬০ বছৰ বয়সৰ লোক অধিক আক্রান্ত হৈছে৷ আক্রান্তৰ ৭৯ শতাংশ পুৰুষ আৰু ২৯ শতাংশ মহিলা৷ ৮২ শতাংশৰ শৰীৰত বাহ্যিকভাৱে ৰোগৰ লক্ষণ ফুটি উঠা নাছিল বুলি উল্লেখ কৰি ড০ শর্মাই কয় যে ভাইৰাছে ভিতৰি ভিতৰি আক্রান্ত কৰিছিল৷ ২০ শতাংশৰ জ্বৰ, ১১ শতাংশৰ কফ, ৭ শতাংশৰ ডিঙিৰ সুৰসুৰনি, কিছুসংখ্যকৰ ডায়েৰীয়া, শ্বাস–প্রশ্বাসত কষ্ট আৰু শাৰীৰিক দুর্বলতাত ভুগিছিল৷ তদুপৰি অসমত ধৰা পৰা ৩৪জনৰ ক্ষেত্রত ৪জন অসমৰ নাগৰিক নহয়৷ তেওঁলোক উত্তৰ প্রদেশৰ চামেলী জিলাৰহে৷ সেই অনুসৰি অসমৰ ৩০জন নাগৰিকহে ক’ৰোনাত আক্রান্ত হৈছে৷ আনহাতে, নাম উল্লেখ নকৰাকৈ গুৱাহাটীৰ স্পেনিছ গার্ডেনৰ বাসিন্দা মনীষ তিবৰেৱাল আক্রান্ত হোৱাৰ উৎস এতিয়াও পোহৰলৈ অহা নাই বুলি জানিবলৈ দি মন্ত্রী ড০ শর্মাই কয় যে শেহতীয়াকৈ খবৰ পোৱা গৈছে তেওঁ আগ্রালৈও গৈছিল ৷ তেওঁ যি সময়ত আগ্রালৈ গৈছিল, সেই সময়ত তাত ক’ৰোনা তীব্রতৰ ৰূপত আছিল ৷ তেওঁক বাদ দি আনসকল নিজামুদ্দিন মার্কাজৰ সৈতে প্রত্যক্ষ আৰু পৰোক্ষভাৱে সম্পর্কিত ব্যক্তি৷ ক’ৰোনাৰ নমুনা পৰীক্ষাৰ শেহতীয়া তথ্য সদৰী কৰি মন্ত্রী ড০ শর্মাই কয় যে এতিয়ালৈ ৪,৪০০জন লোকৰ নমুনা সংগ্রহ কৰা হৈছে৷ পৰীক্ষাৰ ফলাফলত ৩৪জনৰ পজিটিভ আৰু ৪,১৯৯জনৰ নিগেটিভ পোৱা গৈছে৷ ১৬৭জনৰ নমুনাৰ ফলাফল এতিয়াও আহিবলৈ বাকী আছে৷ অৱশ্যে নমুনা সংগ্রহ কৰা ৪,৪০০জন লোকৰ ভিতৰত চুবুৰীয়া ৰাজ্য মেঘালয় আৰু মিজোৰামৰ লোকো আছে৷ অসমে প্রতি ১০ লাখ মানুহৰ ভিতৰত ১২০জনৰ নমুনা পৰীক্ষা কৰাৰ বিষয়ে জানিবলৈ দি ইয়াৰ বিপৰীতে উত্তৰ প্রদেশে ১০৬, ঝাৰখণ্ডই ৯৬, বিহাৰে ৭৭, মিজোৰামে ৭৬, পশ্চিমবংগই ৪২জনৰহে নমুনা পৰীক্ষা কৰিছে৷ ৰাজ্যখনত এতিয়ালৈ ৮৪,০০০জনক কোৱাৰেণ্টাইন কৰা হৈছে৷ ইয়াৰে ৭২,৮৭৪জনে কোৱাৰেণ্টাইনৰ সময় পাৰ কৰিছে৷ ২,৯৫৪জনক চৰকাৰী কোৱাৰেণ্টাইনত ৰখা হয়৷ ইয়াৰে ১,৪৪৬জনক ৰিলিজ দিয়া হৈছে আৰু ১,৫১২জনক ফেচিলেটেড কোৱাৰেণ্টাইনত ৰখা হৈছে৷ চিকিৎসালয়ত কোৱাৰেণ্টাইনত ৰখা ৭০৫জনৰ ভিতৰত ৬০৯জনক ঘৰলৈ যাবলৈ দিয়া হৈছে৷ ৯৮জন এতিয়াও চিকিৎসালয়তে আছে৷ ইপিনে আই চি এম আৰে শেহতীয়াকৈ তেজপুৰ মেডিকেল কলেজৰ পৰীক্ষাগাৰকো ক’ৰোনা পৰীক্ষাৰ কেন্দ্র হিচাপে অনুমোদন দিয়াৰ বিষয়ে জানিবলৈ দি মন্ত্রী শর্মাই কয় যে এতিয়াৰে পৰা নাগালেণ্ড আৰু অৰুণাচলৰ লোকৰো নমুনা পৰীক্ষা অসমে আৰম্ভ কৰিছে৷ ইপিনে কেন্দ্রীয় চৰকাৰে সাম্প্রতিক পৰিসংখ্যাৰ ওপৰত ভিত্তি কৰি অসমৰ গোৱালপাৰা, গোলাঘাট, ধুবুৰী, মৰিগাঁও আৰু নলবাৰী জিলাক ৰেড জ’ন হিচাপে ঘোষণা কৰিছে যদিও ৰাজ্যৰ সাম্প্রতিক পৰিস্থিতিলৈ চাই অহা ২০ এপ্রিলৰ পাছত এই ছবিখন সলনি হোৱাৰ সম্ভাৱনা আছে বুলি মন্ত্রী ড০ শর্মাই ব্যক্ত কৰে ৷

You might also like