অৰুণাচলত আৱিষ্কাৰ নতুন প্ৰজাতিৰ ভাইপাৰ
নিয়মীয়া বাৰ্তা, ১৯ এপ্ৰিলঃ দেশৰ ভিতৰতে জৈৱ-বৈচিত্ৰ্যৰে সমৃদ্ধিশালী উত্তৰ-পূৰ্বাঞ্চল । অঞ্চলটোৰ অন্যতম ৰাজ্য অৰুণাচল প্ৰদেশৰ জৈৱ-বৈচিত্ৰ্যও অতিকৈ সমৃদ্ধিশালী । বিভিন্ন দুষ্প্ৰাপ্য প্রজাতিৰ জীৱ–জন্তুৰ লগতে গছ–গছনিৰ সমাহাৰেৰে উজ্জীৱিত প্রদেশখনৰ গভীৰ বনাঞ্চল৷ প্রদেশখনৰ পাকে টাইগাৰ ৰিজার্ভত শেহতীয়াভাৱে আৱিষ্কাৰ হৈছে বিশ্বৰ ভিতৰতে বিষাক্ত ভাইপাৰৰ নতুন প্রজাতি৷ নতুনকৈ আৱিষ্কাৰ হোৱা ভাইপাৰৰ নতুন প্রজাতিৰ নামকৰণ কৰা হৈছে জনপ্রিয় ধাৰাবাহিক হেৰী প’টাৰৰ এটা চৰিত্রৰে ৷ বিশ্ববিশ্রুত লেখক জে কে ৰাউলিঙৰ হেৰী প’টাৰ ধাৰাবাহিকৰ চৰিত্র ‘ছালাজৰ ট্রিমৰেছুৰাছ ৷ এই চৰিত্রটোৰ নামকৰণেৰে নতুনকৈ আৱিষ্কাৰ হোৱা ভাইপাৰৰ প্রজাতিৰ নাম ৰখা হৈছে ‘ছালাজৰ পিট ভাইপাৰ’৷ উল্লেখ্য যে অৰুণাচল প্রদেশৰ গভীৰ বনাঞ্চলত অভিযান চলোৱা পাঁচজনীয়া দলৰ এগৰাকী সদস্য তথা বন্যপ্রাণী গৱেষক জিচান এ মিশ্রই প্রকাশ কৰা মতে, তেওঁলোক আটায়ে হেৰী প’টাৰৰ চৰিত্রটোৰ প্রতি আকর্ষিত৷ তেনে কাৰণতে ভাইপাৰৰ নতুন প্রজাতিৰ নাম চৰিত্রটোৰে ৰাখিবলৈ গুৰুত্ব দিছিল৷ গৱেষকগৰাকীয়ে প্রকাশ কৰা মতে, ২০১৯ চনৰ জুনৰ পৰা আগষ্ট মাহলৈকে পাঁচজনীয়া দলটোৱে অৰুণাচলৰ গভীৰ বনাঞ্চল, বিশেষকৈ পাকে টাইগাৰ ৰিজার্ভত অভিযান চলাইছিল৷ এই অভিযানৰ সময়তে জুলাই মাহৰ কোনোবা এটা নিশা দুডাল পিট ভাইপাৰ প্রত্যক্ষ কৰিছিল আৰু তাৰ আলোকচিত্র সংগ্রহ কৰিছিল৷ এই তথ্যৰ প্রতিবেদন ইণ্টাৰনেচনেল ছায়েন্স জার্নেল জুছিষ্টেমেটিক এণ্ড ইভ’লেচনত প্রকাশ পাইছিল৷ প্রতিবেদনখনত ভাইপাৰক নতুন প্রজাতি বুলি উল্লেখ কৰাৰ লগতে ছালাজৰ শ্লিথেৰিনৰ নামেৰে নামকৰণ কৰা হৈছে৷ উল্লেখ্য যে ছালাজৰ শ্লিথেৰিন হৈছে বন্যপ্রাণীৰ কাৰণে স্থাপিত প্রখ্যাত ফিক্সনেল স্কুলৰ প্রতিষ্ঠাতা৷ যিয়ে সৰীসৃপ বিশেষকৈ সাপৰ গভীৰ ৰহস্যৰ বিষয়ে অধ্যয়ন চলাইছিল৷ এই চৰিত্রটো জে কে ৰাউলিঙৰ জনপ্রিয় ধাৰাবাহিক হেৰী প’টাৰতো সন্নিৱিষ্ট আছে৷ উনুকিয়াব লাগিব যে পূব আৰু দক্ষিণ–পূব এছিয়াত ৪৮ বিধ পিট ভাইপাৰ আছে৷ ইয়াৰে ১৫ বিধ ভাৰতত আৰু ৭ বিধ উত্তৰ অঞ্চলত আছে৷ তদুপৰি উত্তৰ–পূর্বাঞ্চলত ১১০ বিধ প্রজাতিৰ সাপ পোৱা যায়৷ ইয়াৰ ভিতৰত ৫০তকৈ অধিক সাপ অৰুণাচল প্রদেশত আছে ৷