ধোনীক সর্বকালৰ শ্রেষ্ঠ অধিনায়ক আখ্যা পিটাৰছনৰ
নিয়মীয়া বাৰ্তা, ১৯ এপ্রিলঃ দুবাৰৰ বিশ্বকাপ বিজয়ী টীম ইণ্ডিয়াৰ প্রাক্তন অধিনায়ক মহেন্দ্র সিং ধোনীক বিশ্বৰ সর্বকালৰ শ্রেষ্ঠ অধিনায়ক আখ্যা দিছে ইংলেণ্ডৰ প্রাক্তন ক্রিকেটাৰ কেভিন পিটাৰছেনে ৷ ষ্টাৰ স্প’ৰ্টছৰ এক অনুষ্ঠানত একালৰ ষ্টাইলিছ মিডল অর্ডাৰ বেটছমেনগৰাকীয়ে কয় যে ধোনী নিঃসন্দেহে বিশ্ব ক্রিকেটৰ সর্বকালৰ শ্রেষ্ঠ অধিনায়ক ৷ তেওঁৰ মহানতাৰ বিৰুদ্ধে যুক্তি দর্শোৱাটো অত্যন্ত কঠিন কাম ৷ ‘আন্তঃৰাষ্ট্রীয় ক্রিকেটত মহেন্দ্র সিং ধোনীয়ে সফলতাৰ উচ্চ শিখৰ স্পর্শ কৰিছে৷ তেওঁৰ মহানতাৰ বিৰুদ্ধে যুক্তি প্রদর্শন কৰাটো একপ্রকাৰ অসম্ভৱ৷ তেওঁ ভাৰতীয় দলক আৰু চেন্নাই ছুপাৰ কিংছক যিদৰে নেতৃত্ব দিছিল, সেয়া প্রকৃতার্থত অতুলনীয়৷’ ইংলেণ্ডৰ হৈ ১০৪খন টেষ্ট খেলা পিটাৰছেনে এইদৰে কয়৷ মন কৰিবলগীয়া যে টীম ইণ্ডিয়াই মহেন্দ্র সিং ধোনীৰ নেতৃত্বত চমকপ্রদ সাফল্য অর্জন কৰিবলৈ সক্ষম হৈছিল৷ তেওঁৰ নেতৃত্বত ভাৰতে ২০০৭ৰ আই চি চি টি–২০ বিশ্বকাপ আৰু ২০১১ৰ এদিনীয়া বিশ্বকাপ জয় কৰাৰ লগতে ২০১৩ত আই চি চি চেম্পিয়নছ ট্রফীত খিতাপ অর্জন কৰিছিল৷ আইচিচিৰ আটাইকেইটা আগশাৰীৰ ট্রফী জয় কৰা ধোনী হ’ল বিশ্বৰ একমাত্র অধিনায়ক৷ বিগত বর্ষৰ এদিনীয়া বিশ্বকাপৰ ছেমিফাইনেলতে ভাৰতৰ হৈ অন্তিমখন আন্তঃৰাষ্ট্রীয় মেচ খেলা প্রাক্তন অধিনায়কগৰাকীয়ে চেন্নাই ছুপাৰ কিংছৰ হৈ আই পি এলতো ঈর্ষণীয় সাফল্য লাভ কৰিবলৈ সক্ষম হৈছিল৷ ঝাৰখণ্ডৰ তাৰকা উইকেটৰক্ষকগৰাকীৰ্ নেতৃত্বতে চেন্নাই ছুপাৰ কিংছে তিনিবাৰকৈ আই পি এলৰ খিতাপ জয় কৰিছিল৷ অৱশ্যে দীর্ঘদিন ধৰি ক্রিকেটৰ পৰা আঁতৰি থকাৰ পিছত ধোনীৰ কেৰিয়াৰ সম্প্রতি অনিশ্চিত হৈ পৰিছে ৷