নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অনলাইনযোগে ক্রয় কৰিব পাৰিব ম’বাইল টিভি–ফ্রীজ–কাপোৰ

নিয়মীয়া বাৰ্তা, ১৯ এপ্রিলঃ ৩ মে’লৈ দ্বিতীয় পর্যায়ৰ লকডাউন অব্যাহত থকাৰ মাজতে দেশৰ জনতাই অনলাইনযোগে ক্রয় কৰিব পাৰিব ইলেক্ট্রনিক সামগ্রীকে ধৰি শিক্ষার্থীৰ ষ্টেচনাৰী সামগ্রীলৈকে ৷ লকডাউনৰ ফলত দেশবাসীৰ মাজত সৃষ্টি হোৱা অসুবিধাসমূহ আঁতৰ কৰাৰ লক্ষ্যৰে কেন্দ্রীয় চৰকাৰে বিশেষ চর্তসাপেক্ষে কেতবোৰ সামগ্রী অত্যাৱশ্যকীয় সেৱাৰ তালিকাত অন্তর্ভুক্ত কৰি অনলাইনত সামগ্রী ক্রয় কৰাৰ সুবিধা দিব ৷ অনলাইনযোগে ই–কমার্চ প্লেটফর্ম, এমাজ’ন, ফ্লিপকার্ড, স্নেপডিল আদিৰ জৰিয়তে দেশৰ নাগৰিকে সামগ্রী ক্রয় কৰিব পাৰিব ৷ এই সামগ্রীসমূহৰ ভিতৰত টিভি, ফ্রীজ, ম’বাইল ফোন, লেপটপ, কাপোৰ, স্কুলীয়া ছাত্র–ছাত্রীৰ বাবে ষ্টেচনাৰী সামগ্রী আদি আছে ৷ উল্লেখ্য যে কেন্দ্রীয় চৰকাৰে এনেবোৰ সামগ্রী অনলাইনযোগে ক্রয় কৰাৰ ক্ষেত্রত লকডাউনৰ সময়ত নিষেধাজ্ঞা জাৰি কৰিছিল যদিও দেশৰ জনতাৰ অসুবিধাৰ প্রতি লক্ষ্য ৰাখি এই নিষেধাজ্ঞা প্রত্যাহাৰ কৰি অনলাইনযোগে নির্ধাৰিত সামগ্রীসমূহ ক্রয় কৰাৰ নতুন নির্দেশনা জাৰি কৰে ৷ ২০ এপ্রিলত লকডাউনৰ শিথিলতাৰ পিছতেই এই নির্দেশনা বলৱৎ হ’ব বুলি সংবাদ মাধ্যমত প্রকাশ পাইছে ৷

You might also like