নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোনো ধৰণৰ পেঞ্চন হ্ৰাস কৰা নহয়ঃ কেন্দ্ৰ চৰকাৰ

নিয়মীয়া বাৰ্তা ১৯ এপ্ৰিলঃ কেন্দ্ৰীয় চৰকাৰে দেওবাৰে স্থিতি স্পষ্ট কৰি দিয়ে যে পেঞ্চন ভোগী সকলৰ পেঞ্চন হ্ৰাস কৰাৰ কোনো ধৰণৰ পৰিকল্পনা নাই। চৰকাৰে লগতে স্পষ্ট কৰি দিয়ে যে চৰকাৰে কোনো কাৰণতে কাৰো পেঞ্চন হ্ৰাস নকৰে। বিত্ত মন্ত্ৰালয়ৰ তৰফৰ পৰা টুইট কৰি কোৱা হয় যে এনেধৰণৰ প্ৰতিবেদন প্ৰকাশ পাইছে যে পেঞ্চনাৰসকলৰ ২০ শতাংশ কৰ্তন কৰা হ’ব। কিন্তু এনে ধৰণৰ প্ৰতিবেদন সম্পূৰ্ণ ভিত্তিহীন। পেঞ্চন কোনো পধ্যই হ্ৰাস নহয়। চৰকাৰ পেঞ্চন ভোগী সকলৰ কল্যাণ আৰু কুশলতাৰ কাৰণে সদায় প্ৰতিজ্ঞাবদ্ধ।

You might also like