বহিঃৰাজ্যত আবদ্ধ লোকসকল অসমলৈ অহাৰ পিছত যাব লাগিব কোৱাৰেন্টাইনত
নিয়মীয়া বাৰ্তা, ১৯ এপ্ৰিলঃ বহিঃৰাজ্যত আবদ্ধ লোকসকল অসমলৈ আহিলে যাব লাগিব কোৱাৰেণ্টাইনত। শ্ৰীৰামপুৰ আৰু বক্সিৰঘাটত ইতিমধ্যে নিৰ্মাণ কৰি থকা হৈছে দুটাকৈ কোৱাৰেণ্টাইন চেণ্টাৰ। প্ৰায় দুই লাখ মানুহ অসমলৈ আহিলে কাৰোবাৰ নহয় কাৰোবাৰ ক’ভিড-১৯ নহ’লেও জ্বৰ-কাহ থকাটো স্বাভাৱিক। গতিকে তেনেলোকক অসমলৈ অহাত কিছু বাধ্যবাধকতা আছে। গতিকে এইসকল লোক কোৱাৰেণ্টাইনত যাব লাগিবই বুলি মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।