কোনো পৰিস্থিতিতে সামাজিক দূৰত্বৰে আপোচ নহ’বঃ সোণোৱাল
মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে গুৱাহাটীৰ খ্রীষ্টানবস্তিস্থিত ৰাষ্ট্রীয় স্বাস্থ্য মিছন, অসমৰ কার্যালয়ত উপস্থিত হৈ ক’ভিড–১৯ নিয়ন্ত্রণৰ বাবে ৰাজ্যৰ স্বাস্থ্য বিভাগে গ্রহণ কৰা পদক্ষেপসমূহৰ পর্যালোচনা কৰে৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত ৰাজ্যৰ স্বাস্থ্য বিভাগে ক’ভিড–১৯ প্রতিৰোধৰ বাবে গ্রহণ কৰা ফলপ্রসূ আৰু তাৎক্ষণিক পদক্ষেপৰ বাবে স্বাস্থ্যমন্ত্রীগৰাকীৰ্ লগতে ৰাজ্যিক স্বাস্থ্যমন্ত্রী পীয়ূষ হাজৰিকা আৰু স্বাস্থ্য বিভাগৰ প্রতিগৰাকী বিষয়া–কর্মচাৰীক ধন্যবাদ জ্ঞাপনৰ লগতে ভূয়সী প্রশংসা কৰি মুখ্যমন্ত্রীয়ে কয়– এই পদক্ষেপসমূহৰ বাবে অসমৰ ৰাইজৰ আত্মবিশ্বাস বৃদ্ধি পাইছে আৰু এই যুঁজত আমি জয়ী হ’ম বুলি নিশ্চিত হৈছে৷ অসমৰ দৰে ৰাজ্যত ক’ৰোনা ভাইৰাছৰ ভয়াৱহ দিশটোৰ বাবে প্রথম অৱস্থাত ৰাইজ যথেষ্ট চিন্তিত হৈছিল বুলিও উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে ৰাজ্যৰ স্বাস্থ্য বিভাগে যি দক্ষতাৰে পর্যাপ্ত আন্তঃগাঁথনিৰ সৃষ্টি, আভ্যন্তৰীণ জা–যোগাৰ আদিৰ জৰিয়তে খুব কম সময়ৰ ভিতৰতে এই হিমালয়সদৃশ প্রত্যাহ্বানৰ সন্মুখীন হ’ব পৰাকৈ ৰাজ্যখনক সাজু কৰি তুলিলে, সেয়া অতিশয় প্রশংসনীয়৷ তেওঁ নিজেই ৰাজ্যৰ প্রায় আটাইকেইখন জিলা ভ্রমণ কৰি স্বাস্থ্য বিভাগৰ কাম–কাজসমূহৰ সুফল প্রত্যক্ষ কৰিছে বুলি অৱগত কৰি মুখ্যমন্ত্রীয়ে কয় যে ইয়াৰ ফলত ৰাইজৰ লগতে এই যুঁজত প্রত্যক্ষভাৱে নামি পৰা চিকিৎসক, নার্ছকে ধৰি স্বাস্থ্যকর্মীসকলৰ মনোবল যথেষ্ট বৃদ্ধি পাইছে৷ সময়োপযোগী পদক্ষেপ গ্রহণেৰে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগ ক’ভিড–১৯ নিয়ন্ত্রণৰ দিশত ক্রমান্বয়ে অধিক পৰিপক্ব হৈ উঠিছে আৰু ই ৰাইজক অতিশয় আশ্বস্ত কৰিছে৷ দেশৰ আন ৰাজ্যসমূহৰ তুলনাত ক’ভিড–১৯ৰ বিৰুদ্ধে এই যুঁজত আমি যথেষ্ট আগবাঢ়িছেছা৷ এই গতি অব্যাহত ৰাখিবলৈ আৰু এই মহান কর্তব্যত সর্বান্তকৰণেৰে আত্মনিয়োগ কৰি ‘টীম আছাম’ৰ মানসিকতাৰে কাম কৰিবলৈ তেওঁ স্বাস্থ্য বিভাগৰ প্রতিগৰাকী বিষয়ববীয়াকে আহ্বান জনায়৷ এইক্ষেত্রত তেওঁ ৰাইজক সামাজিক দূৰত্ব বজাই ৰখাৰ আহ্বান জনাই কয় যে কোনো পৰিস্থিতিতে এইক্ষেত্রত আপোচ কৰা নহ’ব৷ ৰাষ্ট্রীয় স্বাস্থ্য মিছনৰ কার্যালয় প্রাংগণত সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্রী সোণোৱালে কয় যে বহিঃৰাজ্য আৰু বহিঃৰাষ্ট্রত আবদ্ধ অসমৰ লোকসকলৰ সুবিধা–সুবিধাৰ প্রতি অসম চৰকাৰ অতিশয় উদ্বিগ্ণ৷ তেওঁলোকক প্রয়োজনীয় সা–সুবিধা প্রদানৰ বাবে ৰাজ্য চৰকাৰ দায়বদ্ধ আৰু এই দিশত চৰকাৰে সম্ভৱপৰ সকলো পদক্ষেপ গ্রহণ কৰিছে৷ তেওঁ নিজেই দেশৰ বহুকেইখন ৰাজ্যৰ মুখ্যমন্ত্রীসকলৰ সৈতে টেলিফোনযোগে বার্তালাপ কৰি সেই ৰাজ্যসমূহত লকডাউনৰ বাবে আবদ্ধ হৈ পৰা অসমৰ লোকসকলক খাদ্য, চিকিৎসাকে ধৰি প্রয়োজনীয় সকলো সা–সুবিধা আগবঢ়াবলৈ আহ্বান জনাইছে বুলি মুখ্যমন্ত্রীয়ে কয়৷ উল্লেখ্য যে এইপর্যন্ত বিদেশত আবদ্ধ অসমৰ ৩০গৰাকী ছাত্র–ছাত্রী আৰু অন্যান্য লোকলৈ ৰাজ্য চৰকাৰে ১ হাজাৰ মার্কিন ডলাৰকৈ আর্থিক সাহায্য আগবঢ়াইছে৷ সেইদৰে চিকিৎসাৰ বাবে গৈ বহিঃৰাজ্যত আবদ্ধ হৈ পৰা অসমৰ ৬২০গৰাকী, কর্কট, কিডনী আৰু হূদৰোগত আক্রান্ত ব্যক্তিলৈ ৰাজ্য চৰকাৰে ২৫ হাজাৰ টকাকৈ মুঠ ১.৫২ কোটি টকাৰ সাহায্য আগবঢ়াইছে৷ পর্যালোচনা বৈঠকত ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে ক’ভিড–১৯ নিয়ন্ত্রণৰ বাবে গ্রহণ কৰা পদক্ষেপসমূহৰ বিষয়ে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মুখ্যমন্ত্রী সোণোৱালক বিশদভাৱে অৱগত কৰে৷ স্বাস্থ্যমন্ত্রী ড০ শর্মাই কয়– ভাৰত চৰকাৰে গ্রহণ কৰা কঠোৰ পদক্ষেপৰ বাবে আন দেশসমূহৰ তুলনাত ভাৰতত সংক্রমণৰ গতি যথেষ্ট লেহেমীয়া কৰিবলৈ আমি সক্ষম হৈছেছা৷ অৱশ্যে আমাৰ দেশত ক’ভিড–১৯ৰ অধিক পৰীক্ষাৰ প্রয়োজনীয়তা আছে বুলি উল্লেখ কৰি তেওঁ কয় যে বহিঃৰাজ্যত আবদ্ধ অসমৰ লোকসকল ঘূৰি অহাৰ পাছত ৰাজ্যখনে এক নতুন প্রত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব৷ স্বাস্থ্যমন্ত্রীগৰাকীয়্ কয় যে ক’ভিড–১৯ নিয়ন্ত্রণৰ বাবে ৰাজ্যৰ স্বাস্থ্য বিভাগে ২৪ ঘণ্টাই উৎসর্গিত মনোভাবেৰে সেৱা আগবঢ়াই আছে৷ ভাৰতৰ আন ৰাজ্যতকৈ অসমত কেতবোৰ নীতি–নিয়ম অধিক কঠোৰ কৰি তোলা হৈছে বুলি তেওঁ মুখ্যমন্ত্রীক অৱগত কৰে৷ ড০ শর্মাই কয় যে ভাৰত চৰকাৰৰ স্বাস্থ্য বিভাগে প্রায় প্রতিদিনেই ক’ভিড–১৯ প্রতিৰোধৰ বাবে ৰাজ্য চৰকাৰে হাতত লোৱা পদক্ষেপৰ পর্যালোচনা কৰি আছে৷ বিশ্ব স্বাস্থ্য সংস্থা আৰু ইউনিচেফৰ দৰে সংস্থাৰ প্রতিনিধিৰ সৈতে প্রায় প্রতিদিনেই বৈঠকত মিলিত হৈ থকা গৈছে৷ ক’ভিড–১৯ৰ লগতে ৰাজ্যখনত জাপানিজ এনকেফেলাইটিছ নিৰীক্ষণৰ বাবেও এক প্রট’কল গঢ়ি তোলা হৈছে৷ ৰাজ্যখনত এক ‘কোৱাৰেণ্টাইন ৰিলিজ পলিচী’ প্রস্তুত কৰাৰ লগতে ‘কোৱাৰেণ্টাইন ডিচার্জ ব’ড’ গঠন কৰা হৈছে৷ ক’ভিড–১৯বিৰোধী যুঁজৰ সন্মুখ পর্যায়ৰ কর্মীসকলৰ বাবে প্রতিখন জিলাতে প্রশিক্ষণ প্রদানৰ কাম সম্পূর্ণ হৈছে বুলিও ড০ শর্মাই মুখ্যমন্ত্রীক অৱগত কৰে৷ লকডাউনৰ সময়ছোৱাত ৰাজ্যৰ স্বাস্থ্য বিভাগে ৰাজ্যবাসীক ঘৰৰ দুৱাৰডলিতে ঔষধ যোগান ধৰাৰ বাবেও অতি সোনকালে এক পদক্ষেপ গ্রহণ কৰিব বুলি স্বাস্থ্যমন্ত্রীগৰাকীয়্ মুখ্যমন্ত্রী সোণোৱালক জানিবলৈ দিয়ে৷ বৈঠকত উপস্থিত থকা স্বাস্থ্য বিভাগৰ প্রধান সচিব সমীৰ সিন্হাই বিভাগটোৱে এই দিশত গ্রহণ কৰা পদক্ষেপসমূহ পাৱাৰ পইণ্ট প্রেজেণ্টেচনযোগে মুখ্যমন্ত্রীৰ আগত উপস্থাপন কৰে৷ উল্লেখ্য যে ৰাজ্যখনত এইপর্যন্ত ৪,৭৪২গৰাকী ব্যক্তিক ক’ভিড–১৯ৰ পৰীক্ষা কৰা হৈছে৷ তাৰে ৩৪গৰাকী ব্যক্তি আক্রান্ত হোৱাটো নিশ্চিত হোৱাৰ বিপৰীতে ৪,৪০৮গৰাকী ব্যক্তি ক’ভিড–১৯মুক্ত বুলি চিহ্ণিত হৈছে আৰু ৩০০গৰাকীৰ ফলাফল অপেক্ষাত আছে৷ আজি সন্ধিয়া পর্যন্ত ৰাজ্যখনৰ ১৭গৰাকী ক’ভিড–১৯ ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ ৰাজ্যখনৰ চৰকাৰী আৰু বেচৰকাৰী চিকিৎসালয়সমূহত এইপর্যন্ত ক’ভিড–১৯ৰ চিকিৎসাৰ বাবে আইছ’লেচন ৱার্ডত ৩,৩৩৮খন বিছনা সাজু কৰি তোলা হৈছে৷ তাৰে ৪৫৬খনত আই চি ইউৰ সুবিধা আৰু ৩০৩খনত ভেণ্টিলেচনৰ সুবিধা আছে৷ বহিঃৰাজ্যত আবদ্ধ অসমৰ লোকসকলক ঘূৰাই অনাৰ দিশটো সুষম কৰি তোলাৰ বাবে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে ‘আছাম কেয়াৰ প’র্টেল’ নামৰ এক বিশেষ ব্যৱস্থা গ্রহণ কৰিছে৷ আছাম কেয়াৰ হেল্পলাইনলৈ এইপর্যন্ত ৪.৩২ লাখটা ফোনকল আহিছে আৰু তেওঁলোকক শৃংখলাবদ্ধভাৱে নিজ নিজ গৃহলৈ ঘূৰাই অনাৰ বাবে চৰকাৰে এক বিস্তৃত পৰিকল্পনা যুগুত কৰিছে৷ ৰাজ্যখনত অতি সোনকালেই এক ক’ভিড–১৯ ডেছ্ ব’ড সাজু হৈ উঠিব৷ বর্তমান ৰাজ্যখনত ১.৬৭ লাখটা পি পি ই কিট, ৯৪ হাজাৰ এন–৯৫ মাস্ক আৰু ৮৩ লাখ ড্রিপল লেয়াৰ মাস্ক মজুত আছে আৰু বাহিৰৰ পৰা প্রায় প্রতিদিনাই চিকিৎসা সঁজুলি আহি আছে৷