ৰেড জ’নত থকা নলবাৰী জিলাত আজিৰে পৰা নোখোলে চৰকাৰী কাৰ্যালয়
নিয়মীয়া বাৰ্তা, ২১ এপ্ৰিলঃ কেন্দ্রীয় চৰকাৰৰ আর্হিত ৰাজ্য চৰকাৰেও অসমত লকডাউনৰ কঠোৰত কেতবোৰ ক্ষেত্রত শিথিল কৰাৰ ব্যৱস্থা লৈছে৷ ইয়াৰ বাবে প্রয়োজনীয় গাইড লাইনো ইতিমধ্যে ৰাজ্য চৰকাৰে যুগুতাইছে৷ সেই অনুসৰি অহা ২১ এপ্রিল আজিৰে পৰা জনতা ভৱনকে ধৰি ৰাজ্যৰ চৰকাৰী কার্যালয়সমূহ খোলাৰ ব্যৱস্থা কৰিছে৷ এই গাইড লাইন অনুসৰি জনতা ভৱনকে ধৰি সচিবালয়ৰ বিভাগসমূহত উপ–সচিব পর্যায়ৰ বিষয়াৰ পৰা আৰম্ভ কৰি শীর্ষ বিষয়াসকলৰ উপস্থিতি ১০০ শতাংশ কৰাৰ ব্যৱস্থা লোৱা হৈছে৷
কিন্তু বৰ্তমানো ৰেড জ’নত থকা গোৱালপাৰা, নলবাৰী আৰু ধুবুৰীত আজিৰে পৰা নোখোলে চৰকাৰী কাৰ্যালয় । দুয়োখন জিলা ৰেড জ’নত থকাৰ বাবে সতৰ্কতামূলক ব্যৱস্থা ৰূপে অহা কেইটামান দিনলৈ চৰকাৰী কাৰ্যালয় নোখোলাৰ সিদ্ধান্ত লৈছে চৰকাৰে ।
ইপিনে অৰেঞ্জ জ’নত থকা গোলাঘাট জিলাত কেৱল চৰকাৰী কাৰ্যালয়সমূহে খুলিব ।