অবর্ণনীয়ঃ ইকুৱেডৰৰ ঘৰ–পথ গাড়ী সকলোতে কেৱল মৃতদেহৰ দ’ম
গণকবৰত পৰিণত লেটিন আমেৰিকাৰ এখন দেশ
নিয়মীয়া বাৰ্তা, ২১ এপ্রিলঃ প্রশান্ত মহাসাগৰৰ দাঁতিৰ এখন সৰু দেশ ৷ সৌম্য আৰু শান্ত এক ভূখণ্ড ৷ যাৰ দক্ষিণ–পশ্চিম সীমা আগুৰি আছে গভীৰ নীলা জলৰাশিয়ে ৷ উত্তৰে কলম্বিয়া, পূবত পেৰু ৷ ২.৮৩ লাখ বর্গকিলোমিটাৰ এই অঞ্চলৰ নাম ইকুৱেডৰ ৷ যাৰ আছে সংগ্রাম আৰু দাসত্বৰ এক দীঘলীয়া ইতিহাস ৷ সুদীর্ঘ ৩০০ বছৰকাল ইকুৱেডৰ আছিল স্পেইনৰ এক সাম্রাজ্য ৷ পৰাধীন কালতে বসন্ত ৰোগে ছাৰখাৰ কৰিছিল লেটিন আমেৰিকাৰ ক্ষুদ্র দেশখনক ৷ অষ্টাদশ শতিকাত হোৱা এক ভয়ানক ভূমিকম্পত মৃত্যুমুখত পৰিছিল হাজাৰ হাজাৰ নাগৰিক ৷ কিন্তু তাৰ পাছতো ইকুৱেডৰৰ জনতাই সীমিত শক্তিৰে সাম্রাজ্যবাদৰ বিৰুদ্ধে মহাৰণত নামিছিল ৷ আৰু সেইখন দেশৰ গুৱাছ প্রদেশৰ গুৱাকুইল নামৰ চহৰখনে ১৮২০ চনত প্রথমবাৰৰ বাবে শোষণৰ পৰা মুক্ত হৈ স্বাধীনতাৰ পতাকা উৰুৱাইছিল ৷ অহা ২৪ মে’ ইকুৱেডৰৰ স্বাধীনতা দিৱস ৷ মাজত এমাহ আৰু কেইটামান দিন বাকী ৷ দুর্যোগ আৰু শোষণৰ নিৰন্তৰ ধুমুহাই কোঙা কৰিব নোৱাৰা সেই ইকুৱেডৰ আজি ভয়ংকৰ সংকটৰ গৰাহত ৷ স্বাধীনতাৰ প্রাকক্ষণত আটাইতকৈ বেছি বিপর্যয়ৰ সন্মুখীন হৈছে শোষিত মানুহৰ মুক্তিৰ নিচান দাঙি ধৰা গুৱাকুইল চহৰ ৷ সাম্রাজ্যবাদী শক্তিৰ বিৰুদ্ধে অপৰিসীম সাহসেৰে যুঁজ দিয়া সাগৰৰ পাৰৰ গুৱাছৰ সদৰ গুৱাকুইল চহৰ আজি ধ্বংসপ্রা য়৷ বাট–পথ, চিকিৎসালয়–বাসগৃহ সকলো ভৰি পৰিছে মৃতদেহেৰে ৷ বতাহত ভাহিছে উৱলি যোৱা মাংসৰ গোন্ধ ৷ এয়া কোনো বিদেশী শক্তিৰ আক্রমণৰ ঘটনা নহয় ৷
ক’ৰোনা মহামাৰীৰ ধুমুহাই এফালৰ পৰা তছনছ কৰি নিছে সমগ্র গুৱাছ প্রদেশ৷ গুৱাছ নদীৰ ইপাৰ–সিপাৰ ভৰি পৰিছে শৱৰে ৷ মানৱ সভ্যতাৰ আটাইতকৈ কৰুণতম দিনৰ সাক্ষী হৈ ৰৈছে এই সৰু দেশখন, তাৰ সৰু নগৰখন ৷ ৩০০ বছৰজোৰা শোষণৰ বিৰুদ্ধে যুঁজাৰ সাহস দেখুওৱা দেশখন এটা ভাইৰাছৰ সন্মুখত অসহায় হৈ পৰিছে ৷ নতজানু হৈ আত্মসমর্পণ কৰিছে ৷ আনকি নিজৰ দেশৰ নাগৰিকসকলক শেষ শ্রদ্ধা জনোৱাৰ শক্তিকণো হেৰুৱাই পেলাইছে ৷ চৰকাৰৰ ওচৰতে তথ্য নাই– ক’ৰোনাই আচলতে কিমান নাগৰিকৰ জীৱন নিঃশেষ কৰিলে৷ ক’ত পৰি আছে কাৰ মৃতদেহ ৷ যোৱা ১৬ এপ্রিল পর্যন্ত ইকুৱেডৰ চৰকাৰে প্রকাশ কৰি আহিছিল যে ক’ৰোনা ভাইৰাছত দেশখনত প্রায় ৪০০ লোকৰ মৃত্যু হৈছে৷ কিন্তু এই ভাইৰাছ প্রতিৰোধৰ বাবে গঠন কৰা জইণ্ট টাস্ক ফ’র্চে যেতিয়া হিচাপ–নিকাচ আৰম্ভ কৰিলে– পোহৰলৈ আহি থাকিল এটাৰ পাছত আন এটা অবিশ্বাস্য তথ্য ৷ এই টাস্ক ফ’চৰ মুৰব্বী জর্জ বাটেডে সংবাদ মাধ্যমক জনোৱা মতে, গৃহ বিভাগ, মর্গ আৰু চিভিল ৰেজিষ্টাৰ বিভাগৰ তথ্যৰ পৰা মৃতকৰ সংখ্যা হিচাপ কৰা হৈছে ৷ ইয়াৰ পৰা পোৱা তথ্য অনুসৰি এপ্রিল মাহৰ প্রথম ১৫ দিনত ইকুৱেডৰৰ গুৱাছ চহৰত ৬,৭০৩জন লোকৰ মৃত্যু হৈছে ৷ ইকুৱেডৰত প্রতিমাহে সাধাৰণতে ১,০০০জন লোকৰ গড়ে মৃত্যু হয় ৷ কিন্তু শেহতীয়াকৈ গুৱাছ চহৰত অস্বাভাৱিক হাৰত মানুহ মৃত্যুমুখত পৰিছে ৷ ইয়াৰে বহু লোকৰ হৃদৰোগ বা আন স্বাস্থ্যজনিত সমস্যাৰ ফলতো মৃত্যু হৈছে ৷ কিন্তু ক’ৰোনাৰ বাবেই দেশখনত পৰিস্থিতি অত্যন্ত ভয়াৱহ হৈ পৰিছে ৷ এই মাৰাত্মক ভাইৰাছৰ আক্রমণত যেন একপ্রকাৰ নিশ্চিহ্ণ হৈ গৈছে দেশখনৰ স্বাস্থ্যখণ্ড৷ পৰিস্থিতি ইমানেই ভয়াৱহ হৈ পৰিছে যে কেৱল চিকিৎসালয়তে ৰোগীৰ বাবে বিছনাৰ অভাৱ হোৱা নাই, মর্গসমূহতো মৃতদেহ ৰাখিবলৈ ঠাই নাই ৷
ইকুৱেডৰৰ আটাইতকৈ ডাঙৰ চহৰ আৰু গুৱাছৰ সদৰ গুৱাকুইলৰ এটা মর্গত কাম কৰা কেটা মেজিয়া নামৰ লোকজনে সদৰী কৰিছে আৰু বহু নিদাৰুণ ঘটনা৷ মেজিয়াই কয়– ‘আমি মানুহৰ গাড়ীত, ঘৰত, ৰাস্তাত, এম্বুলেঞ্চত সকলোতে কেৱল মৃতদেহেই দেখি আছোঁ৷’ তেওঁৰ মতে চিকিৎসালয়সমূহত বিছনাৰ অভাৱ হৈছে৷ বহু ৰোগীক সেই বাবেই চিকিৎসালয়ত ভর্তি কৰাব পৰা হোৱা নাই৷ আনহাতে, ব্যক্তিগত চিকিৎসালয়সমূহত ৰোগীক ভর্তি কৰালে প্রথমতে নগদ ধন জমা দিব লাগে৷ যাৰ বাবে বহুতেই গুৰুতৰ অৱস্থা সত্ত্বেও ব্যক্তিগত হাস্পতালত ভর্তি হ’ব পৰা নাই৷ প্রায় ২৫ লাখ জনসংখ্যাৰ চহৰ গুৱাছ সম্প্রতি পৰিণত হৈছে গণকবৰত ৷ মর্গসমূহ মৃতদেহেৰে ভৰি পৰিছে৷ বহু ঠাইত মৃতদেহৰ পৰাও সংক্রমণৰ আশংকা বাঢ়িছে৷ যাৰ বাবে মর্গো বন্ধ কৰি দিবলগীয়া হৈছে৷ উপায়হীন হৈ বহু লোকে আত্মীয়ৰ মৃতদেহ পথৰ ওপৰতে এৰি থৈ গৈছে ৷ দিনৰ পাছত দিন ধৰি ঠিকনাবিহীন শৱ পৰি ৰৈছে ইকুৱেডৰৰ গুৱাছ চহৰৰ পথ–পদপথত৷ সমগ্র গুৱাছত শৱৰ অন্তিম সংস্কাৰৰ বাবে কোনো এখন কবৰস্থানতে ঠাই নাই৷ ওচৰৰ চহৰলৈ মৃতদেহ লৈ যোৱা হৈছে ৷ তাতো আন এক গুৰুতৰ সমস্যাই দেখা দিছে৷ মৃতদেহ কঢ়িয়াবলৈ ইকুৱেডৰত নাই পর্যাপ্ত কফিন৷ মানুহে কাগজৰ কফিন সাজিছে ৷ কাৰাগাৰত বন্দী কয়দীসকলে কাঠৰ লাঠী আৰু কাগজেৰে কফিন প্রস্তুত কৰিছে ৷ পথত পৰি থকা মৃতদেহসমূহ তাত ভৰোৱা হৈছে আৰু অন্ত্যেষ্টিক্রিয়াৰ বাবে নতুন নতুন কবৰস্থান সাজু কৰি তোলা হৈছে ৷
মূৰৰ ওপৰেদি হৈ থকা মৃত্যুৰ ধুমুহাকো আওকাণ কৰি সম্ভৱপৰ সকলো প্রকাৰৰ চিকিৎসা সেৱা আগবঢ়াই গৈছে চিকিৎসকসকলে ৷ গুৱাকুইলত কর্মৰত চিকিৎসক কার্লোছ মাবয়িনে অতি আক্ষেপেৰে বিবিচিৰ আগত কয় যে ইকুৱেডৰৰ চৰকাৰী স্বাস্থ্য ব্যৱস্থা আগৰে পৰাই অত্যন্ত দুর্বল ৷ কেৱল ইকুৱেডৰে নহয়, লেটিন আমেৰিকাৰ প্রায়সমূহ দেশৰে চৰকাৰী স্বাস্থ্যখণ্ডৰ অৱস্থা দুখলগা ৷ আন এগৰাকী চিকিৎসক কার্লোছে কয় যে ক’ৰোনা মহামাৰীৰ এক সহজ লক্ষ্য হৈ পৰিছে ইকুৱেডৰৰ গুৱাকুইল চহৰ ৷ ক’ৰোনাৰ আক্রমণত এই চহৰ এতিয়া সম্পূর্ণ ধৰাশায়ী হৈ পৰিছে৷ কোনো ফালেদি পৰিত্রাণৰ উপায় নেদেখা ইকুৱেডৰ চৰকাৰে এতিয়া সান্ধ্য আইনৰ সময়সীমা বৃদ্ধি কৰিছে আৰু অধিকসংখ্যক লোকৰ স্বাস্থ্য পৰীক্ষা কৰা হ’ব বুলি ঘোষণা কৰিছে৷ কিন্তু ইতিমধ্যে মৃত্যুৰ কাল ধুমুহাই বিধ্বস্ত কৰি তোলা গুৱাকুইলৰ লোকসকলৰ বাবে এই চৰকাৰী ঘোষণাৰ এতিয়া আৰু কোনো তাৎপর্য নাই৷ চকুৰ সন্মুখেদি পাৰ হৈ গৈছে জীৱন–মৃত্যুৰ একো একোখন তয়াময়া যুঁজ৷ এই যুঁজত বাৰে বাৰে প্রমাণিত হৈছে জীৱন আচলতে কিমান তুচ্ছ, কিমান দুর্বল মানুহৰ অহংকাৰ৷ টাস্ক ফ’চৰ মুৰব্বী জর্জ ৱাটেডে কয় যে যোৱা এটা সপ্তাহত আৰক্ষীয়ে মানুহৰ ঘৰৰ পৰা ৭৭১টা শৱ আঁতৰাই নিছে৷ কিন্তু পথ আৰু ঘৰত মৃতদেহৰ সংখ্যা বাঢ়িবলৈ লোৱাত সমস্যা দিনকদিনে অধিক গভীৰ হৈ পৰিছে৷ পৰীক্ষাৰ অভাৱত গুৱাছত এতিয়া বহু ৰোগী চিনাক্ত হোৱা নাই৷ কিন্তু কেৱল লেটিন আমেৰিকাৰে নহয়, সমগ্র বিশ্বৰে অন্যতম ক’ৰোনা বিধ্বস্ত অঞ্চলত পৰিণত হৈছে ইকুৱেডৰৰ গুৱাকুই৷ অসহায় হৈ ইকুৱেডৰৰ ৰাষ্ট্রপতি লেনিন ম’নোৰোৱে কেৱল কৈছে– ‘আমি পৰিস্থিতিৰ মোকাবিলা কৰাত ব্যর্থ হৈছোঁ…৷’