বিশ্বত ক’ৰোনাত আক্রান্তৰ সংখ্যা ২৪ লক্ষাধিক
নিয়মীয়া বাৰ্তা, ২১ এপ্ৰিলঃ মহামাৰী ক’ৰোনাৰ সংহাৰ বিশ্বব্যাপী অব্যাহত আছে ৷ ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা প্রতিদিনে বৃদ্ধি পাই থকাৰ পৰিপ্রেক্ষিতত বিশ্বজুৰি এই ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা ২৪ লক্ষাধিক হৈছে ৷ আনপিনে, মৃতকৰ সংখ্যাও ১.৭ লাখৰ সীমা অতিক্রম কৰিছে ৷ মৃত্যু উপত্যকাত পৰিণত হোৱা আমেৰিকা যুক্তৰাষ্ট্র, ইটালী, স্পেইন, গ্রেট ব্রিটেইন, ফ্রান্স আদি দেশত আক্রান্ত আৰু মৃতকৰ সংখ্যা নূ্যনতম হ্রাস পালেও সংক্রমণৰ বর্ধিত মাত্রাই দেশকেইখনত হাহাকাৰ পৰিৱেশ সৃষ্টি কৰিছে ৷ বিশ্বৰ ভিতৰত সর্বাধিক আক্রান্ত আমেৰিকা যুক্তৰাষ্ট্রত আক্রান্তৰ সংখ্যা ৮ লাখ স্পর্শৰ দিশে আগবাঢ়িছে ৷ আনপিনে মৃতকৰ সংখ্যা ৪০ হাজাৰ অতিক্রম কৰিছে ৷ দেশখনৰ সকলোতে ক’ভিড–১৯ৰ সংক্রমণে সংহাৰী ৰূপ ধাৰণ কৰি আছে ৷ আমেৰিকা যুক্তৰাষ্ট্রৰ আইৱাত মাংস প্রছেছিং প্রকল্পত ক’ভিড–১৯ৰ সংক্রমণে সংহাৰী ৰূপ লৈছে ৷
ৰাষ্ট্রীয় মাংস প্রছেছিং প্রকল্পত ২৬১জন কর্মী ক’ভিড–১৯ত আক্রান্ত হোৱাত হাহাকাৰ পৰিৱেশ সৃষ্টি হৈছে ৷ সমগ্র মাংস প্রছেছিং প্রকল্পসমূহ বন্ধ কৰিবলগীয়া হোৱাত মাংসৰ যোগানত তীব্র নাটনি হোৱাত দেশবাসীৰ মাজত প্রতিক্রিয়া সৃষ্টি হৈছে ৷ সর্বাধিক আক্রান্ত আমেৰিকাৰ পাছত দ্বিতীয়খন দেশ হিচাপে স্পেইনত আক্রান্তৰ সংখ্যা ২ লাখ অতিক্রম কৰিছে ৷ তেনেদৰে মৃতকৰ সংখ্যাও প্রায় ২১ হাজাৰ হৈছে ৷ নিশা ৮.৩০ বজাৰ তথ্য মতে, বিশ্বত আক্রান্তৰ সংখ্যা ২৪,৩০,২৯০জন আৰু মৃতকৰ সংখ্যা ১,৬৬,২৬২জন৷ উল্লেখ্য যে ইউৰোপৰ দেশ ইটালীত আক্রান্তৰ সংখ্যা ১.৮০ লাখ অতিক্রম কৰাৰ বিপৰীতে ফ্রান্সত অতিক্রম কৰিছে ১.৫২ লাখ ৷ জার্মানীত আক্রান্তৰ সংখ্যা ১.৪৫ লাখ অতিক্রম কৰাৰ বিপৰীতে গ্রেট ব্রিটেইনত আক্রান্তৰ সংখ্যা ১.২০ লাখ অতিক্রম কৰিছে ৷
স্পেইন, ইটালী, ফ্রান্স, গ্রেট ব্রিটেইন আদিৰ তুলনাত আক্রান্তৰ সংখ্যাৰে জার্মানী ১.৪৮ লাখ অতিক্রম কৰিলেও দেশখনত মৃতকৰ সংখ্যা মাত্র ৪,৬৪২জন৷ ইটালীত ২৩ সহস্রাধিক, ফ্রান্সত ১৯ সহস্রাধিক, গ্রেট ব্রিটেইনত ১৬ সহস্রাধিক লোকৰ মৃত্যু হৈছে৷ এছিয়াৰ দেশ ইৰানত আক্রান্তৰ সংখ্যা ৮৩ সহস্রাধিকৰ বিপৰীতে মৃতকৰ সংখ্যা ৫ সহস্রাধিক৷ মন কৰিবলগীয়া যে ৰাছিয়াত বিগত কেইবাদিন ধৰি আক্রান্তৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পাইছে৷ ৫ সহস্রাধিকৰ মৃত্যুৰ তালিকাত আছে বেলজিয়াম৷ দেশখনত প্রায় ৪০ হাজাৰ লোক ক’ভিড–১৯ত আক্রান্ত হৈছে৷ নেদাৰলেণ্ডত ৩৩ সহস্রাধিক লোক আক্রান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ৩,৭৫১জনৰ৷ উল্লেখ্য যে চীনত প্রাদুর্ভাৱ ঘটা প্রাণঘাতী ক’ভিড–১৯ৰ সংক্রমণ বিশ্বৰ ২১০খন দেশলৈ সংক্রমিত হৈছে ৷