নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাই মহামাৰী ৰূপ ধাৰণ কৰাৰ বাবে দায়ী ‘হু’

ৱ’ৰ্ল্ড মেডিকেল এছ’চিয়েচনৰ বিস্ফোৰণ

নিয়মীয়া বাৰ্তা, ২১ এপ্রিলঃ একবিংশ শতিকাৰ আধুনিক চিকিৎসা বিজ্ঞানৰ সন্মুখত ‘অদৃশ্য শক্তি’ ন’ভেল ক’ৰোনা ভাইৰাছৰ (ক’ভিড–১৯) সংহাৰলীলা অব্যাহত আছে পৃথিৱীত ৷ প্রতিমিনিটত মাৰাত্মক ভাইৰাছত আক্রান্ত আৰু মৃতকৰ সংখ্যা বৃদ্ধি পাই আছে ৷ ইয়াৰ মাজতে বিশ্ব স্বাস্থ্য সংস্থা, চমুকৈ ‘হু’ৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য কৰিছে ৱর্ল্ড মেডিকেল এছ’চিয়েচনে (ডব্লিউ এম এ)৷ মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ সুৰত সুৰ মিলাই বিশ্বৰ এক কোটি চিকিৎসকৰ সংগঠন ডব্লিউ এম এৰ তৰফৰ পৰা স্পষ্টকৈ কোৱা হৈছে– ক’ৰোনা ভাইৰাছৰ সংক্রমণে বিশ্বত সম্প্রতি মহামাৰীৰ ৰূপ ধাৰণ কৰাৰ বাবে দায়ী বিশ্ব স্বাস্থ্য সংস্থা ৷ মাৰাত্মক ভাইৰাছৰ সংক্রমণ প্রতিৰোধ কৰিবলৈ টাইৱানে আৰম্ভণিতে দাবী জনাইছিল ৷ কিন্তু একমাত্র ৰাজনৈতিক কাৰণতেই বিশ্ব স্বাস্থ্য সংস্থাই সেই দাবীৰ প্রতি গুৰুত্ব প্রদান নকৰিলে ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ এই ভুলৰ মূল্য আজি সমগ্র পৃথিৱীবাসীয়ে ভৰিবলগীয়া হৈছে ৷ অনাগত সময়ছোৱাত এনেধৰণৰ ভুলৰ যাতে পুনৰাবৃত্তি নঘটে, তাৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাত টাইৱানৰ গুৰুত্ব বৃদ্ধিৰ সপক্ষেও ডব্লিউ এম এয়ে যুক্তি দর্শাইছে ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালকপ্রধান টেড্রছ আডানম গেব্রেইছাছলৈ প্রেৰণ কৰা এখন পত্রত ডব্লিউ এম এৰ তৰফৰ পৰা অভিযোগ উত্থাপন কৰি কোৱা হৈছে যে বিশ্ব স্বাস্থ্য সংস্থাই টাইৱানক বাধাহীন কার্যকৰী পদক্ষেপ গ্রহণ কৰিবলৈ নিদিয়াটো যে জনস্বাস্থ্য ৰক্ষাৰ ক্ষেত্রত এটা ভুল সিদ্ধান্ত আছিল, সেইটো ক’ভিড–১৯ৰ সংক্রমণে মহামাৰীৰ ৰূপ ধাৰণ কৰাটোৱে প্রমাণ কৰিলে ৷ উল্লেখ্য যে ২০০৩ চনত আন এক প্রাণঘাতী ভাইৰাছ ‘ছার্ছ’ৰ সংক্রমণত টাইৱানত বৃহৎসংখ্যক মানুহ মৃত্যুমুখত পৰিছিল ৷ ‘ছার্ছ’ৰ অভিজ্ঞতাৰ পৰিপ্রেক্ষিততেই ক’ভিড–১৯ক লৈও টাইৱানে আৰম্ভণিতে সতর্ক কৰি দিছিল ৷ কিন্তু চীনৰ পক্ষত অৱস্থান কৰিবলৈ গৈ বিশ্ব স্বাস্থ্য সংস্থাই তেতিয়া সেই সতর্কতালৈ কর্ণপাত নকৰিলে ৷ এতিয়া টাইৱানৰ সতর্কতাক ভিত্তি হিচাপে লৈয়ে বিশ্ব স্বাস্থ্য সংস্থাক ডব্লিউ এম এয়ে আক্রমণৰ লক্ষ্য কৰি লোৱাটো সাম্প্রতিক প্রেক্ষাপটত যথেষ্ট গুৰুত্বপূর্ণ বিবেচিত হৈছে ৷

You might also like