নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসুস্থ মাতৃৰ চিকিৎসাৰ বাবে চৌর্য বৃত্তি বিহাৰৰ কিশোৰৰ

নিয়মীয়া বাৰ্তা, ২১ এপ্রিলঃ বিহাৰৰ নালন্দাত অসুস্থ মাতৃৰ বাবে দৰব আৰু খাদ্য সংগ্রহ কৰিবলৈ চৌর্য বৃত্তি গ্রহণ কৰা কিশোৰ এজনক স্থানীয় আদালত এখনে বিভিন্ন ধৰণে সাহায্য আগবঢ়াইছে ৷ কিশোৰজনক খাদ্য সামগ্রী, বস্ত্র আৰু অন্যান্য নিত্য প্রয়োজনীয় সামগ্রী যোগান ধৰাৰ উপৰি আদালতখনৰ বিচাৰকে মুক্তভাৱে ফুৰাৰ অনুমতি প্রদান কৰিছে৷ দুখীয়া পৰিয়ালৰ কিশোৰজনে মাতৃৰ জীৱন ৰক্ষা কৰিবলৈ বিভিন্ন লোকৰ পৰা চুৰি কৰিবলৈ লৈছিল৷ আদালতখনে এই গোচৰটোৰ ৰায়দানৰ সময়ত উল্লেখ কৰিছে যে কিশোৰজনক সংশোধনৰ সুযোগ দিয়া হৈছে৷ পৰিস্থিতিয়ে চৌর্য বৃত্তি গ্রহণ কৰিবলৈ কিশোৰজনক বাধ্য কৰোৱা বুলি বিচাৰপতিগৰাকীয়ে এই অগতানুগতিক ৰায় ঘোষণা কৰিছে৷ বিহাৰৰ নালন্দাৰ নৰেন্দ্র ৰাও নামৰ কিশোৰজনে ইতিমধ্যে আদালতত অপৰাধ স্বীকাৰ কৰাৰ উপৰি ভৱিষ্যতে কোনোদিনে চৌর্য বৃত্তিৰ আশ্রয় নলয় বুলি প্রতিশ্রুতি প্রদান কৰিছে ৷

You might also like