অসম আৰোগ্য নিধিলৈ ১০০.৫০ কোটিৰ অনুদান
নিয়মীয়া বাৰ্তা ২১ এপ্ৰিলঃ দিনক দিনে বৃদ্ধি পাইছে অসম আৰোগ্য নিধিত দান বৰঙণি আগবঢ়োৱা লোকৰ সংখ্যা। অসম আৰোগ্য নিধিত এতিয়ালৈকে মুঠ ১০০.৫০ কোটি টকা বৰঙণি জমা হৈছে। এই তথ্য জানিবলৈ দিছে অসমৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসম আৰোগ্য নিধিলৈ বৰঙণি আগবঢ়োৱা সকলো লোকক ধন্যবাদ জ্ঞাপন কৰি লিখিছে যে” এয়া এক অনবদ্য শতক অসম আৰোগ্য নিধিলৈ অহা বৰঙণিৰ পৰিমান ১০০.৫০ কোটি টকা হ’লগৈ ৷ এইদৰে মুক্তহস্তে বৰঙণি আগবঢ়োৱা ৪৬ হাজাৰ ৪৭০ গৰাকী ব্যক্তিলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ ৷ ৰাজ্যিক কৰ্মচাৰীসকলে এদিনৰ দৰমহা নিধিলৈ আগবঢ়োৱাৰ ফলত দ্ৰুত গতিত ইমানখিনি ধন সংগ্ৰহ সম্ভৱপৰ হৈ উঠিল ৷সকলোকে পুণৰবাৰ ধন্যবাদ জ্ঞাপন কৰিলোঁ ৷ “