নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩ দিনত ১৫০ কিলোমিটাৰ পথ অতিক্ৰম কৰি ঘৰলৈ অহা এটি শিশুৰ ঘৰ পোৱাৰ পূৰ্বেই মৃত্যু

নিয়মীয়া বাৰ্তা, ২১ এপ্ৰিলঃ তেলেংগানাৰ পৰা ছত্তীশগৰৰ বীজাপুৰত অৱস্থিত নিজ ঘৰলৈ উভতাৰ পথতে এটি ১২ বছৰীয়া শিশুয়ে মৃত্যুক সাৱতি লয় । দৰাচলতে কৰ্মসূত্ৰে তেলেংগানাত থকা শিশুটিয়ে লকডাউন ২.০ ৰ বাবে আন ১১ জনকৈ লোকৰ সৈতে নিজ ঘৰলৈ  খোজকাঢ়ি আহি থকা অৱস্থাতে তীব্ৰ গৰম আৰু শৰীৰত পানীৰ পৰিমান কমি যোৱাৰ ফলতে মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ।

ইপিনে শিশুটিয়ে  খোজকাঢ়ি মুঠ ৩ দিনত ১৫০ কিলোমিটাৰ পথ অতিক্ৰম কৰিছিল । কিন্তু ১৮ এপ্ৰিলত ঘৰ পোৱাৰ মাত্ৰ কেই কিলোমিটাৰ মান বাকী থকা অৱস্থাতে বীজাপুৰ নামৰ অঞ্চলত তাইৰ মৃত্যু ঘটে ।

উল্লেখ্য যে এই ঘটনা ১৮ এপ্ৰিলৰ যদিও আজিহে পোহৰলৈ আহিছে । আনহাতে আৰক্ষীয়ে শিশুটিৰ মৃতদেহটো হাস্পতাললৈ প্ৰেৰণ কৰাৰ লগতে বাকীলোকসকলক কোৱাৰেণ্টাইন চেণ্টাৰলৈ প্ৰেৰণ কৰিছে।

You might also like