ৰাজ্যত কিমান টকাকৈ বাঢ়িল পেট্ৰল-ডিজেলৰ মূল্য?
নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিলঃ ৰাজ্যত বৃদ্ধি পালে পেট্ৰল-ডিজেলৰ মূল্য। লক ডাউনৰ বাবে বন্ধ হৈ পৰিছে ৰাজ্য চৰকাৰৰ কৰ সংগ্ৰহ। বিত্তীয় সংকটৰ বাবে ৰাজ্য চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। লক ডাউনৰ বাবে ৰাজহ-কৰ সংগ্ৰহ বন্ধ হৈ যোৱাৰ পৰিপ্ৰেক্ষিতত অতিৰিক্ত কৰ সংগ্ৰহৰ বাবেই বৃদ্ধি কৰা হৈছে পেট্ৰল-ডিজেলৰ মূল্য।
প্ৰতিলিটাৰ পেট্ৰলৰ মূল্যৰ ৫.৮৫ টকাকৈ বৃদ্ধি আৰু প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৫.৪৩ টকাকৈ বৃদ্ধি। মঙলবাৰৰ মাজনিশাৰ পৰাই কাৰ্যকৰী হৈছে এই নতুন নিৰিখ। বৰ্তমান অসমত পেট্ৰলৰ মূল্য ৭৭.৪৩টকা আৰু ডিজেলৰ মূল্য ৭০.৫০ টকা।