নিয়মীয়া বাৰ্তা, ২২ এপ্রিলঃ সম্প্রতি সমগ্র বিশ্বতে ক’ৰোনা ভাইৰাছে মহামাৰী ৰূপ ধাৰণ কৰাৰ লগতে বিশ্বৰ অর্থনৈতিক ব্যৱস্থাতো মোক্ষম আঘাত হানিছে ৷ কি শিক্ষা,ব্যৱসায়, কৃষি, মীন, যাতায়াত, উদ্যোগ সকলোতে স্তব্ধতা ৷ এই দুর্যোগৰ সময়ত সকলোৱে চৰকাৰলৈ সহায়ৰ হাত আগবঢ়াইছে ৷ ছাত্র–ছাত্রীৰ পৰা আদি কৰি বিশিষ্ট সমাজকর্মী, ব্যৱসায়ী সকলোৱে পার্যমানে চৰকাৰৰ পুঁজিলৈ ধনৰাশিৰে সহায় কৰিছে ৷ কিন্তু এই সকলোবোৰ পৰিহাৰ কৰি, নেদেখাৰ ভাও ধৰি ডিব্রুগডৰ এখন প্রতিষ্ঠিত শিক্ষানুষ্ঠানে ছাত্র–ছাত্রীক মাচুল জমা দিবলৈ নির্দেশনা জাৰি কৰাটোৱে সকলোতে ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি হৈছে ৷ বিদ্যালয়ৰ মাচুলৰ ক্ষেত্রত কেন্দ্রীয় চৰকাৰে সকলো শিক্ষানুষ্ঠানক অনলাইনৰ জৰিয়তে শিক্ষার্থীসকলক পাঠদান দিবলৈ নির্দেশনা দিয়াৰ লগতে ব্যক্তিগত শিক্ষানুষ্ঠানসমূহক মাহেকীয়া মাচুলৰ ক্ষেত্রত ৰেহাই দিয়াৰ লগতে হেঁচা প্রয়োগ নকৰিবলৈকো নির্দেশনা দিছে ৷
কিন্তু ইমানৰ পিছতো উজনিৰ অন্যতম ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান চল্ট ব্রুক একাডেমীয়ে পৰীক্ষা নোহোৱাকৈ (শিক্ষা সদনৰ সিদ্ধান্ত অনুযায়ী) দ্বিতীয় বর্ষলৈ উত্তীর্ণ হোৱা সকলো ছাত্র–ছাত্রীক মঙলবাৰৰ ভিতৰত দুমাহৰ টিউচন ফীজসহ নামভর্তিৰ মাচুল ৭,০০০ টকা অনলাইনযোগে প্রদান কৰিবলৈ শিক্ষানুষ্ঠানখনৰ কর্তৃপক্ষই এক নির্দেশনা জাৰি কৰাক লৈ একাংশ অভিভাৱকৰ মাজত ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি হৈছে ৷ কিয়নো বহু অভিভাৱক নিজ নিজ ব্যৱসায়ত স্বাবলম্বী হৈ পৰিয়াল পোহপাল দিয়াৰ লগতে উক্ত একাডেমীত সন্তানক নামভর্তি কৰোৱাইছিল ৷ কিন্তু সমগ্র দেশত যোৱা ২৫ মার্চৰ পৰা লকডাউন চলি থকাৰ বাবে একাংশ অভিভাৱকে নিজ নিজ ব্যৱসায়সমূহো বন্ধ ৰাখিব লগাত পৰিছে ৷ এনে ক্ষেত্রত হঠাৎ মঙলবাৰৰ ভিতৰত (২১ এপ্রিল) সাত হাজাৰ টকা একাডেমী কর্তৃপক্ষক জমা দিবলৈ কোৱাত বহু অভিভাৱক হতভম্ব হৈ পৰিছে ৷ বহু অভিভাৱকে লকডাউন খোলাৰ পিছতহে এনে সিদ্ধান্ত ল’বলৈকো পৰামর্শ আগবঢ়ায় ৷
কিন্তু নাচোৰবান্দা কর্তৃপক্ষই নিজৰ মতত অটল হৈ থাকিল ৷ আনহাতে, কর্তৃপক্ষই যিটো একাউণ্টত (০০১১০৫০০৪৮৭৫৪) টকা জমা দিবলৈ নির্দেশনা দিছে, সেইটো এটা ব্যক্তিগত একাউণ্ট নম্বৰ বুলি জানিব পৰা গৈছে অর্থাৎ উক্ত একাউণ্ট নম্বৰটো ইউনাইটেড বেংক অৱ ইণ্ডিয়াৰ একাউণ্ট নম্বৰ বুলি প্রকাশ ৷ কিন্তু একাংশ অভিভাৱকে প্রশ্ন কৰিছে যে এখন প্রতিষ্ঠিত বিয়াগোম মহাবিদ্যালয়ৰ নিজস্ব বেংক একাউণ্ট নম্বৰ থকা সত্ত্বেও সঞ্চালকগৰাকীৰ একাউণ্টত কিয় জমা দিবলৈ কোৱা হৈছে ? ইয়াক লৈ বহু অভিভাৱকৰ মাজত কৌতূহলৰ সৃষ্টি হৈছে ৷ যদিহে সকলো ছাত্র–ছাত্রীয়ে নিৰ্দিষ্ট দিনটোৰ ভিতৰতে উক্ত একাউণ্টত মাচুল জমা কৰে, তেন্তে সেই একাউণ্টত ৮৫ লক্ষাধিক টকা জমা হোৱাৰ সম্ভাৱনা আছে বুলি অভিভাৱকসকলে মত প্রকাশ কৰিছে ৷ ইফালে, একেটা নির্দেশনাতে অহা ২১ জুনৰ ভিতৰত দ্বিতীয় কিস্তি হিচাপে পুনৰ সাত হাজাৰ টকা জমা দিবলৈ কোৱা হৈছে ৷ ইমানলৈ সকলো ঠিকেই আছিল, কিন্তু এনে এক জটিল সন্ধিক্ষণত তথা সমগ্র বিশ্বই ক’ৰোনা ভাইৰাছক লৈ যুদ্ধ কৰি থকাৰ সময়তে ডিব্রুগডৰ এখন আগশাৰীৰ মহাবিদ্যালয়ে মানৱীয়তাক বিসর্জন দি কেৱল ধন ঘটাত ব্যস্ত হোৱাতহে ব্যাপক চর্চা লভিছে ৷ সেয়ে ৰাজ্যৰ শিক্ষামন্ত্রীগৰাকীক এনে দুর্যোগৰ সময়ত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহে মাচুলক লৈ ছাত্র–ছাত্রীৰ লগতে অভিভাৱকসকলৰ ওপৰত ৰাম টাঙোন শোধোৱা কার্যত হস্তক্ষেপ কৰাৰ অনুৰোধ জনাইছে ৷