নিয়মীয়া বাৰ্তা, ২৩ এপ্ৰিলঃ সমগ্র বিশ্বতে ক’ৰোনা ভাইৰাছৰ আতংক বিৰাজ কৰি থকাৰ সময়ত পাকিস্তান সমর্থিত সন্ত্রাসবাদীয়ে ভাৰতৰ ভূমিত কূটাঘাতমূলক কার্য অব্যাহত ৰাখিছে৷ যোৱা প্রায় এমাহ ধৰি সন্ত্রাসবাদীয়ে জম্মু–কাশ্মীৰত লকডাউনৰ মাজতে ছয়জনকৈ অসামৰিক লোকক হত্যা কৰাৰ উপৰি বিভিন্ন স্থানত সন্ত্রাসবাদ বিয়পোৱাৰ চেষ্টা চলাইছে৷ ইয়াৰ মাজতে নিৰাপত্তাবাহিনীয়ে দক্ষিণ কাশ্মীৰৰ ছপিয়ান জিলাত বুধবাৰে পুৱতিনিশা এনকাউণ্টাৰ চলাই চাৰিজনকৈ সন্ত্রাসবাদীক হত্যা কৰিবলৈ সক্ষম হয়৷ জিলাখনৰ মালহোৰা জানপৰাত সেনাই চলোৱা যুটীয়া অভিযানত চাৰিজনকৈ সন্ত্রাসবাদী নিহত হয়৷
উল্লেখ্য যে দক্ষিণ কাশ্মীৰত যোৱা এটা মাহত ছয়জনকৈ সন্ত্রাসবাদী সেনাৰ এনকাউণ্টাৰত নিহত হৈছে৷ অৱশ্যে যোৱা ৬ এপ্রিলত কেৰান ছেক্টৰত নিয়ন্ত্রণ ৰেখাত পাক সেনা আৰু সন্ত্রাসবাদীৰ সৈতে হোৱা সংঘর্ষত পাঁচজনকৈ সেনা জোৱান শ্বহীদ হ’ব লগা হৈছে৷ ইফালে, আন এটা সন্ত্রাসবাদী আক্রমণত চপৰে চহৰত চি আৰ পি এফৰ তিনিজনকৈ জোৱান জোৱান শ্বহীদ হৈছিল৷ উল্লেখ্য যে যোৱা বছৰৰ ৫ আগষ্টত ভাৰতে কাশ্মীৰত ৩৭০ অনুচ্ছেদ বাতিল কৰাৰ পিছৰে পৰাই ৰাজ্যখনত পাক সন্ত্রাসবাদীৰ আক্রমণ বৃদ্ধি পাইছে৷ চুবুৰীয়া দেশখনৰ সেনায়ো যুদ্ধবিৰতি চুক্তি উলংঘা কৰি বাৰে বাৰে ভাৰতীয় সেনাৰ ওপৰত আক্রমণ অব্যাহত ৰাখিছে৷