নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত অচিৰেই ক্রিকেট খেল অনুষ্ঠিত হোৱাৰ সম্ভাৱনা নাইঃ গাংগুলী

নিয়মীয়া বাৰ্তা, ২৩ এপ্ৰিলঃ অষ্ট্রেলিয়াত অক্টোবৰত হ’বলগীয়া আই চি চি টি–২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাখনৰ পূর্বে ভাৰতত আই পি এল অনুষ্ঠিত কৰাক লৈ বিভিন্নজনে বিভিন্ন মত দাঙি ধৰিছে যদিও ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ সভাপতি সৌৰভ গাংগুলীয়ে অচিৰেই ভাৰতত কোনোধৰণৰ ক্রিকেট মেচ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা নাই বুলি ইংগিত দিছে৷ মহামাৰী ক’ৰোনা ভাইৰাছৰ বাবে সমগ্র বিশ্বতে স্তব্ধ হৈ পৰিছে ক্রীড়াক্ষেত্র৷ অৱশ্যে অহা মে’ মাহৰ দ্বিতীয় সপ্তাহৰ পৰা জার্মানীত বুণ্ডেছলিগা ফুট্বল প্রতিযোগিতাখন দর্শকশূন্য ষ্টেডিয়ামত আয়োজন কৰাৰ সিদ্ধান্ত লৈছে যদিও বি চি চি আইৰ সভাপতি সৌৰভ গাংগুলীয়ে দর্শকশূন্য ষ্টেডিয়ামত ক্রিকেট মেচ আয়োজন কৰিবলৈ ইচ্ছুক নহয়৷ দেশখনত মহামাৰী ক’ৰোনাৰ আতংক হ্রাস পোৱাৰ লগে লগে বি চি চি আইৰ ঐশ্বর্যশালী ক্রিকেট প্রতিযোগিতাখনৰ আয়োজন কৰিব বুলি ইংগিত দি সৌৰভ গাংগুলীয়ে কয় যে বর্তমান সময়ত ক’ৰোনা ভাইৰাছে দেশখনত ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ এনে অৱস্থাত খেলুৱৈসকলৰ স্বাস্থ্য আৰু জীৱনৰ সুৰক্ষা ৰখাটো অধিক জৰুৰী হৈ পৰিছে৷ প্রাক্তন ক্রিকেটাৰে আই পি এলখন দর্শকশূন্য ষ্টেডিয়ামত আয়োজন কৰাৰ বাবে পৰামর্শ দিছে৷ কিন্তু প্রাক্তন ক্রিকেটাৰৰ উক্ত পৰামর্শৰ বিৰুদ্ধে কোনোধৰণৰ মন্তব্য নিদি ব’ডৰ অধ্যক্ষগৰাকীয়ে কয় যে দেশৰ পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিলেহে আই পি এলখন দর্শকেৰে পৰিপূর্ণ ষ্টেডিয়ামত অনুষ্ঠিত কৰা হ’ব৷ অকল ভাৰততে নহয়, বিশ্বৰ আন দেশতো অচিৰেই ক্রিকেট খেল অনুষ্ঠিত হোৱাৰ সম্ভাৱনা নাই বুলি মন্তব্য কৰে ব’ডৰ অধ্যক্ষ সৌৰভ গাংগুলীয়ে৷

You might also like