নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইংলেণ্ড–অষ্ট্রেলিয়াৰ ক্রিকেট শৃংখলা স্থগিত

নিয়মীয়া বাৰ্তা, ২৩ এপ্ৰিলঃ ইংলেণ্ড আৰু অষ্ট্রেলিয়াৰ মাজত অনুষ্ঠিত হ’বলগীয়া এদিনীয়া শৃংখলাটো ছেপ্ঢেম্বৰ মাহলৈকে স্থগিত ৰখা হৈছে৷ মহামাৰী ক’ৰোনা ভাইৰাছৰ বাবেই দুয়ো দেশৰ মাজৰ এই এদিনীয়া শৃংখলাটো স্থগিত ৰাখিবলগীয়া হৈছে৷ দুয়ো দেশৰ মাজৰ এদিনীয়া শৃংখলাটো সন্দর্ভত ইংলেণ্ড এণ্ড ৱেলছ ক্রিকেট ব’র্ডে কয় যে এনে পৰিস্থিতিত ৩–১৬ জুলাইলৈকে অনুষ্ঠিত হ’বলগীয়া তিনিখনীয়া এদিনীয়া আৰু তিনিখনীয়া টি–২০ মেচৰ শৃংখলাটো আয়োজন কৰাটো সম্ভৱ নহ’ব৷ গতিকে এই শৃংখলাটো ছেপ্ঢেম্বৰ মাহলৈকে স্থগিত ৰখাৰ সিদ্ধান্তৰ বিষয়ে ইতিমধ্যে ইংলেণ্ড এণ্ড ৱেলছ ক্রিকেট ব’র্ডে ক্রিকেট অষ্ট্রেলিয়াক জনাইছে৷ এই শৃংখলাটো স্থগিত হোৱাৰ পৰিপ্রেক্ষিতত ইংলেণ্ডে পাকিস্তানৰ বিপক্ষে শৃংখলাটো সমাপ্ত কৰিয়েই অষ্ট্রেলিয়াৰ বিৰুদ্ধে খেলিব লাগিব বুলিও ই চি বিয়ে সদৰী কৰে৷ মন কৰিবলগীয়া যে ইংলেণ্ড আৰু পাকিস্তানৰ মাজৰ শৃংখলাটো ২ ছেপ্ঢেম্বৰত সমাপ্ত হ’ব৷ ইপিনে, ইংলেণ্ড আৰু অষ্ট্রেলিয়াৰ মাজৰ শৃংখলাটোৰ নতুন তাৰিখ সন্দর্ভতো ই চি বিয়ে ক্রিকেট অষ্ট্রেলিয়াক অৱগত কৰাইছে৷ যাতে উক্ত সময়ত ক্রিকেট অষ্ট্রেলিয়াই কোনো শৃংখলা অনুষ্ঠিত নকৰে৷ উল্লেখ্য যে ক’ৰোনা ভাইৰাছৰ বাবে সম্প্রতি ইংলেণ্ডতো সম্পূর্ণৰূপে স্থগিত আছে ক্রিকেট খেল৷

You might also like