উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ সমূহ শিক্ষাৰ্থী উত্তীৰ্ণ
নিয়মীয়া বাৰ্তা, ২৩ এপ্রিলঃ ক’ভিড-১৯ ৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত ২০২০ বৰ্ষৰ বাবে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা বাতিল কৰাৰ লগতে সকলো ছাত্ৰ-ছাত্ৰীক উত্তীৰ্ণ হিচাবে ঘোষণা কৰা হয় ৷ ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ স্বাৰ্থত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে আনুষ্ঠানিকভাৱে জাৰি কৰিছে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা ৷