আজি চৰাইদেউ জিলাত ক’ভিড-১৯ ৰ সংক্ৰমণ প্ৰতিৰোধকল্পে লোৱা ব্যৱস্থাৱলীৰ পৰ্যালোচনা কৰিলে মুখ্যমন্ত্ৰী সোণোৱালে
নিয়মীয়া বাৰ্তা ২৩ এপ্ৰিলঃ কৃষকৰ উৎপাদন দুগুণ কৰাৰ লক্ষ্য়ৰে সংশ্লিষ্ট বিভাগসমূহক লগত লৈ তৎপৰতাৰে কৰ্মপথাৰত নিয়োজিত হ’বলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি চৰাইদেউ জিলাৰ উপায়ুক্তৰ নিৰ্দেশ দিয়ে। নিয়মিতভাৱে কৃষি অৰ্থনীতিৰ লগত সম্পৰ্কিত বিভাগসমূহৰ সৈতে বৈঠকত মিলিত হ’বলৈ উপায়ুক্তগৰাকীক নিৰ্দেশ দিয়াৰ লগতে কৃষি বিভাগৰ তৃণমূল পৰ্যায়ৰ বিষয়া-কৰ্মচাৰীসকলে কৃষকৰ মনোবল বৃদ্ধিৰ লগতে সামাজিক দূৰত্ব বৰ্তাই ৰাখি অধিক উৎপাদনশীল কৃষি কাৰ্যত কৃষক সকল নিয়োজিত হ’ব পৰাকৈ উপযুক্ত পৰিৱেশ গঢ় দিয়াৰ ক্ষেত্ৰত যাৱতীয় পদক্ষেপ লবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিৰ্দেশ দিয়ে। ক’ভিড- ১৯ৰ সংক্ৰমণ ৰোধৰ বাবে চৰাইদেউ জিলা প্ৰশাসনে গ্ৰহণ কৰা ব্যৱস্থাৱলী পৰ্যালোচনা কৰাৰ বাবে আজি চৰাইদেউ জিলাৰ উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত অনুষ্ঠিত এক বৈঠকত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই নিৰ্দেশ দিয়ে। লগতে মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে এই জিলা খন অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ সীমান্তৱৰ্তী হোৱা বাবে সীমান্তত তীক্ষ্ণ নজৰ ৰাখিব লাগিব। আনহাতে সীমান্তৱৰ্তী এলেকাত চৰকাৰে আগবঢ়োৱা সুবিধা সমূহ দুখীয়া লোকে লাভ কৰে তাৰ বাবে মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে চৰাইদেউ জিলাৰ যোগান ব্যৱস্থাৰো বুজ লয়। লগতে মুখ্যমন্ত্ৰীয়ে প্ৰতি তিনি দিনৰ অন্তৰে অন্তৰে জিলাৰ দায়িত্ব থকা মন্ত্ৰী গৰাকীৰ সৈতে বৈঠকত মিলিত হৈ লকডাউন কাৰ্যসূচী সফল কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ নীতি-নিৰ্দেশনাৰ ভিত্তিত যিবোৰ শিথিলতা দিয়া হৈছে সেই ক্ষেত্ৰত সামাজিক দূৰত্ব বজাই ৰাখিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে। ক’ভিড-১৯ৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত সন্মুখৰ পৰা নেতৃত্ব দি অহা স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰীসকলক উৎসাহিত কৰিবলৈও মুখ্যমন্ত্ৰী গৰাকীয়ে কয়। চাহ-বাগিচা সমূহত যাতে সামাজিক দূৰত্ব বজাই ৰাখি কাম-কাজ সমূহ চলাই নিয়ে সেয়া সুনিশ্চিত কৰাৰ বাবেও মুখ্যমন্ত্ৰীয়ে উপায়ুক্ত গৰাকীক নিৰ্দেশ দিয়ে।
আজিৰ এই পৰ্যালোচনামূলক বৈঠকত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহন, সাংসদদ্বয় ক্ৰমে তপন কুমাৰ গগৈ আৰু কামাখ্য প্ৰসাদ তাছা, বিধায়ক সকল ক্ৰমে নৱনীতা সন্দিকৈ, কুশল দুৱৰী আৰু বিমল বৰা, উপায়ক্ত পলাশ ৰঞ্জন ঘৰফলীয়া, আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ প্ৰমুখ্যে শীৰ্ষ বিষয়াসকল উপস্থিত আছিল।
ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে চৰাইদেউ জিলাৰ সোণাৰী ৰজাপুখুৰীস্থিত সোণাৰী মহকুমা অসামৰিক চিকিৎসালয়ৰ নৱনিৰ্মিত আছুতীয়া কক্ষ পৰিদৰ্শন কৰাৰ উপৰি স্বাস্থ্য বিভাগে গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থাৱলীৰো বুজ লয়। মুখ্যমন্ত্ৰীয়ে স্বাস্থ্য বিভাগৰ চিকিৎসক, নাৰ্ছৰ লগতে স্বাস্থ্য কৰ্মীসকলৰ লগত মত-বিনিময় কৰে। উল্লেখ্য যে জিলা খনত যোৱা ১৩ মাৰ্চৰ পৰা হোম কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হৈছে।