নিয়মীয়া বার্তা, ২৪ এপ্রিলঃ সমগ্র দেশৰ লগতে ৰাজ্যখনত চলি থকা লকডাউনৰ বাবে পূর্বে ঘোষিত ৪ এপ্রিলৰ বিটিচি নির্বাচনৰ দিন নির্বাচনী আয়োগে অনির্দিষ্ট কাললৈ পিছুৱাই দিয়ে ৷ এনে সময়তে বি পি এফৰ সভাপতি তথা কোকৰাঝাৰ জিলাৰ অন্তর্গত কচুগাঁও সমষ্টিৰ পৰা প্রতিদ্বন্দ্বিতা কৰিবলৈ সাজু হোৱা হাগ্রামা মহিলাৰীৰ বিৰুদ্ধে উত্থাপন হৈছে নির্বাচনী বিধি উলংঘা কৰাৰ গুৰুতৰ আভিযোগ ৷ উল্লেখনীয় যে লকডাউনৰ ফলত গৃহতে আবদ্ধ হৈ থকা বিটিচিবাসীৰ দৰিদ্র লোকলৈ বি পি এফৰ মুৰব্বী হাগ্রামা মহিলাৰীয়ে সংবাদ মেল পাতি সাহায্য সামগ্রী বিতৰণ কৰাৰ কথা ঘোষণা কৰি বিৰোধী দলৰ কটাক্ষৰ সন্মুখীন হ’বলগা হৈছিল ৷ এই সম্পর্কে ইউ পি পি এলৰ দলপতি প্রমোদ বডোৱে লিখিত আকাৰে নির্বাচন আয়োগক অভিযোগ প্রদান কৰিছিল ৷
ইয়াৰ পিছতে ইউ পি পি এলৰ সাংগঠনিক সম্পাদক তথা কচুগাঁও সমষ্টিৰ দলীয় প্রার্থী উকীল মুছাহাৰীয়ে হাগ্রামাৰ বিৰুদ্ধে নির্বাচনী বিধি উলংঘা কৰাৰ পুনৰ আন এক গুৰুতৰ অভিযোগ উত্থাপন কৰি গোসাঁইগাঁও থানাত গোচৰ তৰাৰ কথা সংবাদ মেলযোগে প্রকাশ কৰে ৷ উকীল মুছাহাৰীয়ে সংবাদ মেলত অভিযোগ কৰা মতে, ক’ৰোনা ভাইৰাছ প্রতিহত কৰাৰ বাবে যি সময়ত কেন্দ্রীয় তথা ৰাজ্য চৰকাৰে লকডাউন আৰু সামাজিক দূৰত্ব বজাই ৰখাৰ বাবে কঠোৰ নীতি–নিয়ম বান্ধি দিছে, তেনে সময়তে ৰাজ্য চৰকাৰৰ সহযোগী দলৰ দলপতি হাগ্রামা মহিলাৰীয়ে খোদ এই নির্দেশনা অমান্য কৰিছে ৷ শেহতীয়াকৈ মহিলাৰীয়ে বিটিচিৰ বিভিন্ন এলেকাৰ লগতে কাৱৈমাৰী, লাংদাংপাৰা, নাৰায়ণগুৰিৰ তাৰাইবাৰী, গাম্বাৰীবিল, পাথাকাটা, কমলসিং আদি গাঁৱত নির্বাচনী প্রচাৰ চলোৱাৰ বাবে দুই–তিনি দিন ধৰি ৯–১০খনকৈ গাডী লৈ গাঁৱত উপস্থিত হৈ ৰাইজৰ লগত মেল–মিটিং কৰাৰ দৰে ঘটনা পোহৰলৈ আহিছে আৰু ইয়াৰ প্রমাণ আমাৰ হাতত আছে ৷
প্রয়োজনসাপেক্ষে এই প্রমাণসমূহ আমি নির্বাচন আয়োগকো দিবলৈ সাজু আছোঁ বুলি মুছাহাৰীয়ে স্পষ্ট কৰি দিয়ে৷ তেওঁ কয় যে ক্ষমতালোভী মহিলাৰীয়ে গাদী হেৰুওৱাৰ আশংকাত শংকিত হৈ পৰিছে৷ যাৰ বাবে তলাবন্ধ চলি থকাৰ সময়তো প্রধানমন্ত্রীৰ আহ্বান, আইন–কানুন সকলো জলাঞ্জলি দি নির্বাচনী প্রচাৰ চলোৱাৰ দৰে কর্মকাণ্ডত মনোনিৱেশ কৰিছে৷ হাগ্রামাই নির্বাচন আয়োগৰ নির্দেশনাক অৱমাননা কৰা বিষয়টো কোনো কাৰণতে সহ্য কৰা নহ’ব বুলি স্পষ্ট কৰি অতি শীঘ্রে হাগ্রামা মহিলাৰীক গ্রেপ্তাৰ কৰিবলৈ সংবাদ মেলযোগে চৰকাৰ তথা প্রশাসনক দাবী জনায় ইউ পি পি এলৰ সাংগঠনিক সম্পাদকগৰাকীয়ে৷ ইতিমধ্যে সমগ্র ঘটনা সন্দর্ভত গোসাঁইগাঁও আৰক্ষী থানাত ইউ পি পি এলৰ গোসাঁইগাঁও জিলাৰ সাধাৰণ সম্পাদক প্রফুল্ল ইছলাৰী স্বাক্ষৰিত এক এজাহাৰ প্রদান কৰি নির্বাচনী নীতি–নির্দেশনা অমান্য কৰাৰ অপৰাধত হাগ্রামা মহিলাৰীক শীঘ্রে গ্রেপ্তাৰ কৰিবলৈ আৰক্ষী প্রশাসনক দাবী জনোৱা বুলি উকীল মুছাহাৰীয়ে উল্লেখ কৰে ৷