নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিলঃ অহা ২৭ এপ্ৰিল অৰ্থাৎ সোমবাৰে অনুষ্ঠিত হ’ব ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। এই বৈঠকৰ পিছতহে সিদ্ধান্ত লোৱা হ’ব যে অসমত দোকান-পোহাৰ বন্ধ থাকিব নে খুলিব অথবা যদি খোলা থাকে কি ধৰণে খোলা যাব। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে দোকান-পোহাৰ খোলা সন্দৰ্ভত জাৰি কৰা নিৰ্দেশনা সন্দৰ্ভত এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
২৭ এপ্ৰিললৈ সকলোকে লক ডাউন মানি চলিবলৈ আহ্বান মন্ত্ৰী ড০ শৰ্মাৰ। সোমবাৰলৈ ৰাইজক অপেক্ষা কৰিবলৈয়ো আহ্বান। সকলোধৰণৰ দোকান-পোহাৰ খুলিব বুলি ধাৰণা নকৰিব, ফাৰ্মাচী তথা শাক-পাচলিৰ দোকানসমূহ খুলিবই। কিন্তু প্ৰতিখন দোকান খুলিবই বুলি ভাৱি ল’ব নালাগে। গতিকে সোমবাৰে দোকান খোলা লোখোলা সন্দৰ্ভত কেবিনেটত সিদ্ধান্ত লোৱা হ’ব। গতিকে আজিয়েই সকলো দোকান নুখুলিবলৈ আহ্বান মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।