ক’ৰোনা সংক্রমণৰ পৰা মুক্ত জনছন প্রধানমন্ত্রীৰ দায়িত্বলৈ পুনৰ উভতিল
নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিলঃ ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ পৰা মুক্ত হোৱাৰ পিছত পুনৰ দায়িত্বলৈ উভতি আহিছে ব্রিটেইনৰ প্রধানমন্ত্রী বৰিছ জনছন৷ অৱশ্যে কার্যালয়ত উপস্থিত হয় যদিও জনছনে কোনো ধৰণৰ কাম কৰা নাই বুলি এগৰাকী বিষয়াই সংবাদ মাধ্যমক জানিবলৈ দিছে৷ ইফালে, প্রধানমন্ত্রী জনছনে আগন্তুক সোমবাৰৰ পৰাহে সম্পূর্ণ দায়িত্ব গ্রহণ কৰিব বুলি ঘোষণা কৰিছে৷
স্মর্তব্য যে মাৰাত্মক ক’ৰোনা ভাইৰাছত আক্রান্ত দেশসমূহৰ ভিতৰত ব্রিটেইনো অন্যতম হিচাপে চিহ্ণিত হৈছে৷ প্রধানমন্ত্রী জনছনে আৰোগ্য লাভ কৰিয়েই হোৱাইট হাউছত থকা মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ সৈতে টেলিফোনিক বার্তালাপত মিলিত হয়৷ ডনাল্ড ট্রাম্পে প্রধানমন্ত্রী জনছনক মাৰাত্মক ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ পৰা মুক্ত হোৱা বাবে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে জনছনৰ দৃঢ় মনোবলৰ শলাগ লৈছে৷
উল্লেখনীয় যে চলিত মাহৰ আৰম্ভণিতে হাস্পতালৰ পৰা ঘৰলৈ চিকিৎসকে প্রেৰণ কৰিছিল জনছনক৷ ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ পৰা জনছনে মুক্তি লাভ কৰিছে যদিও পূর্বৰ শাৰীৰিক উদ্যম ওভতাই পোৱা নাই৷ গতিকে দীর্ঘদিন ধৰি ঘৰতে জিৰণি লৈ আছে প্রধানমন্ত্রীগৰাকীয়্৷ শেহতীয়াকৈ জনছন পুনৰ কার্যালয়লৈ উভতি অহাৰ লগে লগে দেশবাসীয়ে তেওঁক শুভেচ্ছা জ্ঞাপন কৰিছে৷