নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাৱধান ! এজন নাপিতৰ বাবে এটা অঞ্চলত সংক্ৰমণ ঘটিছে ক’ৰোনা !

নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিলঃ সমগ্ৰ দেশত বৰ্তমান চলি আছে দ্বিতীয় পৰ্যায়ৰ লকডাউন । এই লকডাউনৰ সময়ছোৱাত বহুতেই হয়তো দাড়ি, চুলি কটাৰ সমস্যাত পৰিছে । বহুতে ঘৰতে নাপিত মাতি আনি কাটিছে বাঢ়ি যোৱা দাড়ি, চুলি । কিন্তু সাৱধান ! এজন নাপিতৰ বাবেই এখন গাঁৱত এতিয়া বিয়পিছে ক’ৰোনা ।

মধ্য প্ৰদেশৰ খৰগোন জিলাত নতুনকৈ ৯ জন লোক ক’ৰোনাত আক্ৰান্ত হোৱাৰ খবৰ পোৱা গৈছে । ইয়াৰে ৬ জন লোক একেখন গাঁৱৰে । কিন্তু এই লোকসকল ক’ৰোনাত আক্ৰান্ত হোৱাৰ কাৰণ জানি আচৰিত হ’ব আপুনি । কিয়নো এজন নাপিতৰ এটা সৰু ভুলৰ বাবে এই লোকসকল ক’ৰোনাত আক্ৰান্ত হয় ।

দৰাচলতে খৰগোন জিলাৰ বড়গাঁৱত এজন নাপিতে চুলি আৰু দাড়ি কটাৰ সময়ত কেইবাজনো লোকৰ গাত একেখন সংক্ৰমিত কাপোৰেই ব্যৱহাৰ কৰে । যাৰ বাবে এই সংক্ৰমিত কাপোৰখনেই গাঁওখনৰ লোকসকলৰ দেহলৈ মাৰাত্মক ক’ৰোনা ভাইৰাছ সংক্ৰমণ ঘটায় । প্ৰথমে বৃহস্পতিবাৰে নিশা ৬ লোকৰ দেহত ক’ৰোনাৰ অৱস্থিতি ধৰা পৰাৰ পাছত পুনৰ শুকুৰবাৰে ৩ জন লোকৰ দেহত ধৰা পৰে ক’ৰোনা ।

ইপিনে এই খবৰ বিয়পি পৰাৰ পাছতে গাঁওখনৰ সকলো সীমা ছীল কৰি দিয়া হয় ।

You might also like