নিয়মীয়া বাৰ্তা, ২৬ এপ্রিলঃ প্রাণঘাতী ক’ভিড–১৯ৰ সংক্রমণৰ ভয়াৱহতা দেশজুৰি অব্যাহত আছে৷ দ্রুতগতিত মহামাৰী ভাইৰাছৰ সংক্রমণ বৃদ্ধি পাই দেশব্যাপী ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা ২৬ হাজাৰ অতিক্রম কৰিলে৷ ইপিনে মৃতকৰ সংখ্যাও ৫০০ অতিক্রম কৰিলে৷ দেশৰ ক’ভিড–১৯ৰ হটস্পট হিচাপে মহাৰাষ্ট্রত সর্বাধিক ৭,৬২৮ লোক আক্রান্ত হোৱাৰ বিপৰীতে ৩২৩জন লোকে প্রাণ হেৰুৱাইছে৷ ক’ভিড–১৯ৰ যুঁজাৰু চিকিৎসক আৰু চিকিৎসা কর্মী কভিড–১৯ত আক্রান্ত হোৱাৰ পাছত দেশবাসীৰ সুৰক্ষাত নিয়োজিত আৰক্ষীৰ জোৱানো ভয়াৱহ ভাইৰাছত আক্রান্ত হৈছে৷
মহাৰাষ্ট্রতেই ৯৬জন আৰক্ষী জোৱান ক’ভিড–১৯ত আক্রান্ত হৈছে৷ সেই আক্রান্তৰ ভিতৰত আজি মুম্বাই আৰক্ষীৰ এজন কনিষ্টবলে প্রাণ হেৰুৱাইছে৷ আৰক্ষী বিভাগৰ শীর্ষ বিষয়াই প্রকাশ কৰা মতে, ক’ভিড–১৯ত আক্রান্ত হৈ আজি চন্দ্রকান্ত পেন্দুকাৰ নামৰ ৫৭ বছৰীয়া কনিষ্টবলজনে ক’ভিড–১৯ত আক্রান্ত হৈ প্রাণ হেৰুৱাইছে৷ আক্রান্তৰ ভিতৰত ৭জন আৰক্ষী বর্তমান সুস্থ হৈছে৷ মহাৰাষ্ট্রৰ পাছতে আক্রান্তৰ তালিকাত আছে গুজৰাট, দিল্লী, মধ্যপ্রদেশ, ৰাজস্থান, উত্তৰ প্রদেশ, তামিলনাডু, অন্ধপ্রদেশ আদি ৰাজ্য৷
গুজৰাটত ৩ হাজাৰোধিক লোক আক্রান্ত হোৱাৰ বিপৰীতে ১২৭জনে প্রাণ হেৰুৱাইছে৷ দেশৰ ৰাজধানী দিল্লীত প্রায় ৩ হাজাৰ আক্রান্ত হোৱাৰ বিপৰীতে প্রাণ হেৰুৱাইছে ৫৩জনে৷ মধ্যপ্রদেশত প্রায় ২ হাজাৰ লোক আক্রান্ত হৈছে আৰু মৃত্যু হৈছে ৯৯জনৰ৷ ৰাজস্থানত ২ সহস্রাধিক লোক আক্রান্ত হোৱাৰ বিপৰীতে প্রাণ হেৰুৱাইছে ৩৩জনে৷ উত্তৰ প্রদেশ আৰু তামিলনাডুত আক্রান্তৰ সংখ্যা ২ হাজাৰ স্পর্শ কৰাৰ দিশে আগবাঢ়িছে৷ উত্তৰ–পূবৰ ৰাজ্য ছিকিমৰ বাদে দেশৰ আটাইকেইখন ৰাজ্য, কেন্দ্রীয়শাসিত অঞ্চলত ক’ভিড–১৯ত সংক্রমণ আছে৷
ইপিনে দিল্লীত মন্ত্রী গোটৰ উচ্চ পর্যায়ৰ বৈঠক এখন অনুষ্ঠিত হয়৷ কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী ডাঃ হর্ষ বর্ধনৰ অধ্যক্ষতাত অনুষ্ঠিত মন্ত্রী গোটৰ ১৩সংখ্যক বৈঠকত দেশৰ বিভিন্ন ৰাজ্যৰ ক’ভিড–১৯ক লৈ পর্যালোচনা কৰা হয়৷ ক’ভিড–১৯ৰ বিৰুদ্ধে যুঁজত সন্মুখৰ যুঁজাৰু দেশৰ চিকিৎসক আৰু চিকিৎসা কর্মীসকলৰ কর্মনিষ্ঠাক প্রশংসা কৰি কেন্দ্রীয় স্বাস্থ্যমন্ত্রীগৰাকীয়্ কয় যে ক’ভিড–১৯ৰ যুঁজাৰুসকলক সন্মান কৰা উচিত আৰু তেওঁলোকৰ নিৰাপত্তা, মর্যাদা সুৰক্ষিত কৰা উচিত৷ এই যুঁজত কঠোৰ পৰিশ্রম আৰু উৎসর্গিত মনোভাবেৰে অংশ লোৱা সকলো বিভাগৰ, সকলো পর্যায়ৰ কর্মীক প্রশংসা কৰে স্বাস্থ্যমন্ত্রীগৰাকীয়্৷
বৈঠকত কেন্দ্রীয় অসামৰিক পৰিবহণ মন্ত্রী হৰদীপ সিং পুৰী, বৈদেশিক মন্ত্রী এছ জয়শংকৰ, ৰাজ্যিক গৃহমন্ত্রী নিত্যানন্দ ৰায়, ৰাজ্যিক স্বাস্থ্যমন্ত্রী অশ্বিনী কুমাৰ চৌবেৰ উপৰি চি ডি এছ জেনেৰেল বিপিন ৰাৱাট, নিটি আয়োগৰ চি ই অ’ অমিতাভ কান্তকে ধৰি বিভিন্ন মন্ত্রী গোটৰ অধ্যক্ষ উপস্থিত থাকে৷ মন কৰিবলগীয়া যে বৈঠকত ক’ৰোনাত আক্রান্ত লোক সুস্থ হোৱাৰ হাৰ ২০.৬৬ শতাংশ বুলি কয় স্বাস্থ্যমন্ত্রীগৰাকীয়্৷ আনহাতে, দেশত ক’ৰোনাত আক্রান্ত হৈ মৃতকৰ হাৰ ৩.১ শতাংশ৷