নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘অভিষেক টেষ্টত উৱাদিহ ধৰিব পৰা নাছিলোঁ’

নিয়মীয়া বাৰ্তা, ২৬ এপ্রিলঃ  ইমৰান খান, ৱাছিম আক্রাম আৰু ৱাকাৰ ইউনিছৰ দৰে দুর্ধর্ষ বেগী বলাৰৰ বিৰুদ্ধে কেৰিয়াৰৰ প্রথমখন টেষ্টত মই একো উৱাদিহ ধৰিব পৰা নাছিলোঁ৷ ইমৰান, ৱাকাৰ আৰু আক্রামৰ তীব্রবেগী বাউন্সাৰৰ সন্মুখীন হোৱাটো মোৰ বাবে একেবাৰে নতুন অভিজ্ঞতা আছিল৷ তেওঁলোকৰ গতি আৰু বাউন্সাৰৰ দ্বাৰা মই কেইবাবাৰো অস্বস্তিত পৰিছিলোঁ আৰু ১৫ ৰান কৰি আউট হোৱাৰ সময়ত ভাবিছিলোঁ যে মোৰ বাবে এয়াই অন্তিম মেচ হ’ব৷ বর্ণিল টেষ্ট কেৰিয়াৰৰ আৰম্ভণিৰ সময়ছোৱাৰ স্মৃতি সোঁৱৰণ কৰি শনিবাৰে এইদৰে কয় শচীন তেণ্ডুলকাৰে৷ ইংলেণ্ডৰ প্রাক্তন ক্রিকেটাৰ নাছিৰ হুছেইনৰ সৈতে স্কাই স্পর্টছৰ এক অনুষ্ঠানত তেওঁ এই কথা অকপটে স্বীকাৰ কৰে৷

You might also like