ক’ৰোনাৰ যুঁজলৈ সহায়ৰ বাবে কেইবাবিধো সামগ্রী নিলাম কৰিলে লোকেশ ৰাহুলে
নিয়মীয়া বাৰ্তা, ২৬ এপ্রিলঃ মহামাৰী ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে ভাৰতে চলাই থকা যুঁজত সহায় কৰিবলৈ বিশ্বকাপত খেলা বেটকে ধৰি ক্রিকেটৰ কেইবাবিধো সামগ্রী নিলাম কৰিলে টীম ইণ্ডিয়াৰ উদীয়মান তাৰকা লোকেশ ৰাহুলে৷
এটা স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত ক্রিকেটাৰগৰাকীয়ে এই প্রচেষ্টা হাতত লৈছিল৷ শনিবাৰে হৈ যোৱা নিলাম প্রক্রিয়াত ৰাহুলে ২০১৯ৰ এদিনীয়া বিশ্বকাপত শতক অর্জন কৰা ক্রিকেট বেটখন ২,৬৪,২২৮ টকাত বিক্রী হয়৷
একেদৰে তেওঁৰ হেলমেট ১.২২ লাখ, পেড ৩৩ হাজাৰ, এদিনীয়া জার্ছী ১.১৩ লাখ, টি–২০ জার্ছী ১.৪ লাখ, টেষ্ট জার্ছী ১.৩২ লাখ আৰু গ্ল’ভছ ২৮ হাজাৰ টকাত নিলাম হয়৷ নিলামৰ পৰা সংগৃহীত সকলো ধন স্বেচ্ছাসেৱী সংগঠনটোৰ জৰিয়তে ৰাহুলে মহামাৰীত আক্রান্ত শিশুসকলৰ সহায়ৰ বাবে ব্যয় কৰিব৷
উল্লেখ্য যে কিছুদিন পূর্বে নিজৰ ২৮ বছৰীয়া জন্মদিনত প্রতিভাৱান ক্রিকেটাৰগৰাকীয়ে এই কথা ঘোষণা কৰিছিল৷